ওদালগুৰিৰ ভেৰগাঁৱৰ বিস্তৃত অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ

 05/21/2020 - 15:12

ভেৰগাঁ: ওদালগুৰিৰ ভেৰগাঁৱৰ বিস্তৃত অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ২ নং উত্তৰ ডিমাকুছি আৰু ৩নং উত্তৰ ডিমাকুছি গাঁৱৰ৷ ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ ৷ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান, খেতিপথাৰ শইচ, কলৰ বাগান আদি বিনষ্ট কৰিছে ৷

ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৫০-৬০ টা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি গৈ তিনিটা বন্যহস্তীয়ে সীমান্তৱৰ্তী অঞ্চলটোৰ ভেৰগাঁৱৰ ২নং উত্তৰ ডিমাকুছি আৰু ৩নং উত্তৰ ডিমাকুছি গাঁৱত প্ৰবেশ কৰি সাতটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ বিধস্ত কৰাৰ লগতে এটা দোকান ঘৰৰ সামগ্ৰী (দোকান সহ মুঠ ৮টা) খাই বিস্তৰ ক্ষতি কৰে ৷ পৰিয়াল কেইটাৰ কলৰ বাগান ভঁৰালৰ ধানখাই তহিলং কৰিছে ৷

দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথ্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

ইফালে বন্যহস্তী গাঁও দুখনত প্ৰবেশ কৰাত সমাজিক দূৰত্ব ভংগ কৰি দৌৰিবলগীয়া পৰিবে সৃষ্টি হয় ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।