লংকাৰ শ্যামবাৰীত নিখিল চৰকাৰ নামৰ ব্যক্তি জনৰ পৰিয়ালৰ ৪ সদস্যক হোম কোৱাৰেন্টাইন

 05/21/2020 - 15:41

লংকা: লংকাৰ শ্যামবাৰীত নিখিল চৰকাৰ নামৰ ব্যক্তি জনৰ পৰিয়ালৰ ৪ সদস্যক হোম কোৱাৰেন্টাইন। শেহতীয়াকৈ Covid19+ ধৰা পৰা বিপ্লৱ মণ্ডলৰ সংস্পৰ্শলৈ আহিছিল পৰিয়ালটোৰ চাৰি সদস্য। দেওবাৰে চিলিগুৰিৰ পৰা বিপ্লৱ মণ্ডল আহিছিল লংকাৰ শ্যামবাৰীৰ শহুৰেকৰ ঘৰলৈ। গুৱাহাটীত বিপ্লৱ মণ্ডলক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত শহুৰেকৰ ঘৰৰ পৰা পত্নীক নিবলৈ আহিছিল বিপ্লৱে।

ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক'ৰনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে বিপ্লৱ মণ্ডলৰ দেহত । ব্যক্তি জনৰ সংস্পৰ্শত অহা ৪ সদস্যক লংকা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকে কৰিছে স্বাস্থ্য পৰীক্ষা।

১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰা হৈছে লোককেইজনক ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।