বিধ্বস্ত সৌন্দৰ্য্য চৰ্চা উদ্যোগঃ বিউটি পাৰ্লাৰ বন্ধ হৈ পৰাত কৰ্মহীন হৈ পৰিছে হাজাৰ হাজাৰ মহিলা

 05/21/2020 - 16:15

উত্তৰ গুৱাহাটী: সৌন্দৰ্য চৰ্চা, বিউটীচিয়েন, বিউটিপাৰ্লাৰ লকডাউনৰ পূৰ্বেলৈ অৰ্থ উপাৰ্জনৰ এটা মৰ্যদাসম্পন্ন লোভনীয় বৃত্তি হিচাপে বিবেচিত হৈ আহিছিল। কিন্তু লকডাউনৰ সময়ছোৱাত চৰকাৰে বান্ধি দিয়া নিয়মৰ বাবে আজি ইয়াৰ গতি ৰূদ্ধ। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে দোকানসমূহ বন্ধ ৰখা নিৰ্দেশ দিয়া আছে। এই লোকসকলে বৃত্তিটোৰ যোগেদি স্বাৱলম্বী জীৱন নিৰ্বাহ কৰিছিল। বিয়া-বাৰু, আন বিভিন্ন অনুষ্ঠান বন্ধ, শীঘ্ৰে পূৰ্বৰদৰে হোৱা আশাও নাই। ঘৰলৈ গৈ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়।

গতিকে লকডাউনৰ সময়ছোৱাত এইসকল ব্যক্তি জীৱনলৈ অন্ধকাৰ নামি আহিছে। নানা আহুকালৰ সন্মুখীন হৈছে। বিশেষকৈ অসমৰ প্ৰায় সকলো প্ৰান্তত প্ৰায় সকলো গাঁৱতে বিউটি পাৰ্লাৰ চলোৱা মহিলা দেখিবলৈ পোৱা যায়। এওঁলোকৰ সংখ্যা কেইবা হাজাৰৰো হ'ব।

বৰ্তমান এই মহিলাসকল সৰহভাগৰে আৰ্থিক অৱস্থা দুৰ্বল। অতি শীঘ্ৰে চৰকাৰে যদি এই মহিলাসকলৰ বিকল্প সংষ্ঠানৰ ব্যৱস্থা নকৰে মহিলা আন্দোলনৰ পথ বাচি লব বুলি জানিব পৰা গৈছে। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।