গোলাঘাটত আতংকিত পৰিস্থিতি: আৰক্ষীৰ জালত চাৰিটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

 05/22/2020 - 12:49

গোলাঘাট: "আমাক পুলিচেই মাল দিয়ে, জেলৰ পৰা ওলাই সকলোখিনি ফটো ভাইৰেল কৰি আছো"- ক'ৰনা আৰু লকডাউনত ত্ৰস্তমান বিশ্ববাসী। তাৰ মাজতেই গোলাঘাটত এইবাৰ ড্ৰাগছ ব্যৱসায়ীৰ দপদপনি। গোলাঘাটৰ ৰাজপথত এইবাৰ ড্ৰাগছৰ মুকলি বেহা চলাই থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিটাকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক। গোলাঘাটৰ তৰফাট অঞ্চলত বাইকৰ টুল বক্সত নিষিদ্ধ হিৰ'ইন জাতীয় সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত হাটে-লুটে ধৰা পৰে গৌতম বৰুৱা আৰু বিদ্যুৎ ৰাজখোৱা নামৰ দুটা ব্যৱসায়ী।

তাৰ পাছত আৰক্ষীৰ সোধ-পোচত ব্যৱসায়ী দুটাই সদৰী কৰে যে কুখ্যাত ব্যৱসায়ী জাফৰীৰ তত্বাৱধানত চলিছে এই ব্যৱসায়। তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমিত দে' আৰু আৱাল জন্নত ওৰফে জাফৰি নামৰ মূল অভিযুক্ত দুটাক।

ইপিনে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা পাছত কেমেৰাৰ সন্মুখত আৱাল জন্নত ওৰফে জাফৰিৰ অভিযোগ তেওঁলোকৰ এই ব্যৱসায়ত জড়িত আছে কোনো "আৰক্ষী"। জেলৰ পৰা ওলাই আহি এই সকলোবোৰ তথ্য ফাদিল কৰাৰ কথাও সদৰী কৰে ড্ৰাগছ ব্যৱসায়ীটোৱে।

এতিয়া প্ৰশ্ন হয় লাখ লাখ যুৱচামৰ জীৱন ধ্বংস কৰা এই বৰবিহৰ ৰমৰমীয়া বেহা কেতিয়া মুক্ত হ'ব জিলাখনত? সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।