হোম কোৰেইন্টাইনত থকা লোকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিহালীৰ মোনাবাৰী চাহ বাগিছাত

 05/22/2020 - 15:09

বিশ্বনাথহোম কোৱাৰেণ্টাইনত থকা অবস্হাত এজন লোকৰ মৃত্যু হোৱাৰ পিছতে হাহাকাৰ লাগিল বিহালীৰ এখন গাঁৱত। দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰত অৱস্থাত থকা এজন ৰোগীৰ মৃত্যুৰ পিছত সৎকাৰ কৰিবলৈ নাহিল ওচৰ-চুবুৰীয়া এজনো ৷ মৃতদেহটো সাৱতি অপেক্ষা মাথো মৃতকৰ পৰিয়ালৰ ৷ এই ঘটনা সংঘটিত হৈছে বিহালীৰ মোনাবাৰী বস্তিত৷ অঞ্চলটোৰ ৰাজু শৰ্মা নামৰ লোকজন আক্ৰান্ত হৈছিল কৰ্কট ৰোগত আৰু গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইন্সিটিউতত চিকিৎসাধীন হৈ আছিল তেওঁ

যোৱা ১৭ মে' তাৰিখে এই দৰিদ্ৰ লোকজন নিজ ঘৰত উভতি অহাৰ পিছৰে পৰা স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰাখিছিল ৰাজুৰ সমগ্ৰ পৰিয়ালক। কিন্তু বৃহষ্পতিবাৰে দুপৰীয়া ১২ বজাত হঠাৎ ৰাজু শৰ্মা নামৰ এই লোকজনৰ মৃত্যু হোৱাৰ পিছতে পৰিয়াল আৰু গাওঁবাসীৰ মাজত লাগিল হাহাকাৰ। কোৱাৰেণ্টাইনত থকা ৰাজু শৰ্মা নামৰ লোকজন হঠাৎ এইদৰে মৃত্যু হোৱাত গাওঁবাসীৰ সন্দেহ হয়তো মৃত ৰাজু শৰ্মাৰ দেহত গুৱাহাটীৰ বি বৰুৱা হস্পিতালৰ পৰা লাগি আহিছে ক'ভিড-১৯ ৰোগ।

স্থানীয় লোকৰ মতে কৰ্কট ৰোগত আক্ৰান্ত ৰাজু শৰ্মা আৰু কিছু দিন জীবিত থাকিলে হয় যদিও তেওঁৰ হঠাৎ হোৱা মৃত্যুত আতংকিত হৈ পৰিছে গাঁওবাসী। মৃতদেহ সৎকাৰৰ বাবে গাঁওবাসীয়ে বাৰম্বাৰ বিশ্বনাথৰ স্বাস্হ্য বিভাগৰ পৰামৰ্শ বা সহায়ৰ বাবে কাকুতি মিনতি কৰিলে যদিও নাহিল কোনো সদুত্তৰ। স্বাস্হ্য বিভাগে কেবল ক'ভিড-১৯ পৰীক্ষাৰ স্বোৱাব সংগ্ৰহৰ বাবে গাড়ী ভাৰা কৰি ৰাজুৰ মৃতদেহটো বিহালীৰ মৰ্গলৈ নিবলৈ পৰিয়ালক কৈয়ে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ গাঁওবাসীৰ।

ঘন্টাকে ধৰি ঘন্টা গাঁওবাসী মৃত ৰাজু শৰ্মাৰ ঘৰত প্ৰবেশ নকৰি এফালৰ পৰা আৰক্ষী, প্ৰশাসন আৰু স্বাস্হ্য বিভাগলৈ বাট চাই দিনৰ পিছত ৰাতি হ'ল। বিহালীৰ মৰ্গলৈ নিবলৈ পৰিয়ালটোৱে নিজাববীয়াকৈ ভাৰা গাড়ী বিচাৰিছিল যদিও ক'ৰণাৰ আতংকৰ বাবে মৃতদেহটো গাড়ীত নিবলৈ অমান্তি হয় ৷ কোনো ফালৰ পৰা স্থানীয় ৰাইজ বা ভুক্তভোগী পৰিয়ালটোলৈ নাহিল সহায়ৰ হাত।

এইফালে মৃত ৰাজু শৰ্মাৰ পত্নী, তিনি বছৰীয়া এটি দেৱ শিশু আৰু ৬ বছৰীয়া এটি সন্তানে উপায়ন্তৰ হৈ ঘৰৰ ভিতৰতে ঘন্টাকে ধৰি ঘন্টা ৰাজুৰ মৃতদেহৰ কাষত বহি কেবল জুৰিলে কান্দোনৰ ৰোল। এই হৃদয় বিদাৰক ঘটনা স্থানীয় ৰাইজে কিছু নিলগৰ পৰা প্ৰত্যক্ষ কৰি ৰৈ থাকিব পৰা নাই যদিও তেওঁলোকো হৈ পৰিছিল উপাবিহীন।

অৱশেষত ১২ ঘন্টাৰ পিছত নিশা ১২ বজাত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ ৰাজুৰ মৃতদেহটো লৈ যায় বিহালীৰ মৰ্গলৈ ৷ দিনৰ ১২ বজাত মৃত্যুৰ খবৰ দিয়াৰ পিছতো গাড়ী নথকাৰ অজুহাত দেখুৱাই সময়মতে উপস্থিত নোহোৱা স্বাস্থ্য বিভাগৰ লোক অবশেষত নিশা ১২ বজাতহে গৈ উপস্থিত হয়গৈ পৰিয়ালটোৰ কাষত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।