তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদৰ কোৱাৰেণ্টাইন কেম্পত ক'ভিড পজিটিভ লোকক লৈ আতংক

 05/22/2020 - 15:44

ঢকুৱাখনা: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদৰ কোৱাৰেণ্টাইন কেম্পত ক'ভিড পজিটিভ ধৰা পৰা ঢকুৱাখনাৰ তিনিজন যুৱকক লৈ ঢকুৱাখনা কেকুৰী কছাৰী আৰু গৰুখুটি গাঁৱত আতংক। ক'ভিড পজিটিভ ধৰা পৰা তিনিজনৰ লগত একেলগে ১৬ মে' তাৰিখে একেলগে একেখন বাছ ভাড়া কৰি চেন্নাইৰ পৰা আহিছিল আন পাঁচজন যুৱক। তেওঁলোক ক্ৰমে ক'ভিড পজিটিভ ওলোৱা কেকুৰী কছাৰী গাঁৱৰ ঘনকান্ত সোণোৱালৰ ভাতৃ প্ৰাঞ্জল সোণোৱাল, গৰুখুটি গাঁৱৰ  ঘণ সোণোৱাল, বিপুল সোণোৱাল, ধৰ্মেন্দ্ৰ সোণোৱাল আৰু দূৰ্গাধৰ সোণোৱাল। 

উক্ত যুৱক কেইজনো ক'ভিড পজিটিভ ওলোৱা তিনিজন যুৱকৰ সৈতে চেন্নাইত একেলগে একেটা কোম্পানীতে কাম কৰাৰ উপৰি একেখন বাছেৰে অসমলৈ আহিছিল। তেওঁলোকক একেলগে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছিল যদিও বৃহস্পতিবাৰে উক্ত পাঁচজন যুৱক ঘৰলৈ অহাৰ পিছত আন তিনিজনৰ গাত ক'ৰণা ধৰা পৰাত আতংকিত হৈ পৰিছে গাঁওবাসী। 

ঢকুৱাখনা মহকুমা প্ৰশাসনে কেইবাখনো শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন কেম্প সাজি উলিওৱাৰ পিছতো যুৱককেইজনক ঘৰলৈ পঠিয়াই দিয়াত আতংকিত হৈ পৰিছে গাঁওবাসী গাঁওবাসীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে এই যুৱক কেইজনকো পুনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি গাঁওবাসীক শংকাৰ পৰা মুক্ত কৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।