ৰাজ্যত বানৰ সংহাৰী ৰূপ

 05/23/2020 - 12:58

খাৰিজা বিজনীএফালে ক'ৰণাৰ তাণ্ডৱৰ বাবে ত্ৰাসমান জনতা আনফালে ভুতৰ ওপৰত দানৱ পৰা দি ৰাজ্যত বানৰ সংহাৰী ৰূপ ভূটানৰ কুৰিশ্ব বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়িছে বেঁকী নৈৰ জলপৃষ্ঠ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বৃহত্তৰ খাৰিজা বিজনীকে ধৰি সৰভোগ, ছাফাকামাৰ, গোৱৰ্ধনা আৰু অন্যান্য ঠাইতো বেঁকী নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ নিশাৰ ভিতৰতে যথেষ্ট বৃদ্ধিপোৱা পানীৰ বাবে বিপদ সীমাৰ ওপৰেৰে বৈছে বেঁকী নৈৰ জলপৃষ্ঠ

খাৰিজা বিজনীৰ গৰম বজাৰ, ওদালগুৰী, বাৰাপেটা, দোমনী ঘাট আদিত বেঁকী নৈয়ে কালৰূপ ধাৰণ কৰাৰ ফলত বিস্তীৰ্ণ কৃষিভূমি নৈত যাহ যোৱাৰ লগতে শংকিত হৈ পৰীছে নৈপৰীয়া ৰাইজ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।