চৰাইদেউত দুজন ক'ভিড আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে নাগালেণ্ড সীমান্ত ছীল

 05/23/2020 - 13:25

চৰাইদেউচৰাইদেউ জিলাত দুজন ক'ভিড আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড প্ৰশাসনে অধিক সতৰ্কতা মুলক ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা নিশা ১২ বজাৰ পৰা মন জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলাৰ সংলগ্ন অসম নাগালেণ্ড সীমান্ত ছীল কৰি দিয়া হয়। ইয়াৰ ফলত নাগালেণ্ডৰ মন জিলাত কোনো লোককে প্ৰবেশ কৰাত বাধা প্ৰদান কৰা হয়। নিশা হঠাৎ এই নিৰ্দেশনা ৰ পাছতে মন টাউন অভিমুখী শ শ ট্ৰাক নামতোলাত আবদ্ধ হৈ পৰে। খাদ্য তথা অন্যান্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক সমুহৰ অধিকাংশ বহি ৰাজ্যৰ পৰা অহা এই ট্ৰাক সমুহৰ লগত থকা ট্ৰাক চালক আৰু হেণ্ডিমেন সকলে ট্ৰাক ৰখাই নামতোলা অঞ্চলত বিচৰণ কৰি ফুৰাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। লগতে বিগত সময়ছোৱাত লকডাউনৰ শিথিলতাৰ বাবে নাগালেণ্ডত থকা চাহ বাগিচা সমুহত একাংশ শ্ৰমিকে কামত যোগদান কৰিছিল।

বৰ্তমান মন জিলা প্ৰশাসনে সীমান্ত ছীল কৰি দিয়াত আবদ্ধ হৈ পৰে বহু শ্ৰমিকৰ মাজত হাহাকাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।