গুৱাহাটী আই আই টি ত স্থাপন কৰা কোৱাৰেন্টিন চেন্টাৰক লৈ বিতৰ্ক

 05/23/2020 - 13:55

উত্তৰ গুৱাহাটী: লকডাউনৰ বাবে বহি:ৰাজ্যত আৱদ্ধ অসমৰ লোক সকল সম্প্ৰতি নিজ ঘৰলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰাৰ সমান্তৰাল ভাৱে এই লোকসকলৰ বাবে জিলাই জিলাই স্থাপন কৰা হৈছে কোৱাৰেন্টিন চেন্টাৰ সমূহ । কামৰূপ জিলা প্ৰশাসনে স্থাপন কৰা মুঠ ছয়টা কোৱাৰেন্টিন চেন্টাৰৰ ভিতৰত অন্যতম চেন্টাৰটো হৈছে আই আই টি গুৱাহাটীৰ গেষ্ট হাউচ। কিন্তু এই কোৱাৰেন্টাইন চেন্টাৰটোৱে উত্তৰ গুৱাহাটীৰ লগতে আই আই টি গুৱাহাটীৰ তিনি সহস্ৰাধিক আৱাসীলৈ ভয়ংকৰ বিপদ ঘটাব পাৰে বুলি একাংশ লোকে আশংকা ব্যক্ত কৰিছে। তেওঁলোকে অনা বিভিন্ন আশংকা সমূহ হ'ল, কোৱাৰেন্টাইন চেন্টাৰ সমূহ ৰেচিডেঞ্চিয়েল এৰিয়াৰ পৰা দূৰত হোৱাটো বাঞ্চনীয়।

কিন্তু আই-আই-টি ৰ গেষ্ট হাউছৰ (য'ত এই চেন্টাৰৰ নামত কোনো গাইডলাইন নামানি মানুহ ৰখা হৈছে) আশে-পাশে যিহেতু কোৱাৰ্টাৰবোৰ আছে, এইক্ষেত্ৰত এটা কোৱাৰেণ্টাইন চেণ্টাৰ  থকাটো কিমান বিপদজনক সেইবিষয়ে জ্ঞান থকা উচিত। কৰ্তৃপক্ষৰ লগতে আই-আই-টিৰ সঞ্চালক-পঞ্জীয়কে দাবী কৰাৰ দৰে চৰকাৰী নিৰ্দেশনাত ক'তো উল্লেখ নাই যে কোৱাৰেন্টাইন চেন্টাৰ এটাত ৰূমৰ লগত সংলগ্ন কৰি বাথৰুম পায়খানা থাকিব লাগিব বুলি। কোৱাৰেণ্টাইন চেন্টাৰৰ কাষলৈ জীৱ-জন্তুৰ বোৰ যাতে যাব নোৱাৰে তাৰ উচিত ব্যৱস্থা লৈ আছুতীয়া ঠাইত এনে চেন্টাৰ বনাবলৈ কোৱা হৈছে। অথচ এই অনুষ্ঠানৰ কেম্পাচত বিবিধ পশু-পক্ষীয়ে দীৰ্ঘদিনৰ পৰা বাস কৰি আহিছে। কেনেবাকৈ এটা প্ৰাণীৰ দেহলৈ যদি এনে ভাইৰাছ বিয়পে, ইয়াৰ পিছত কি যে ভয়ঙ্কৰ ঘটনা হ'ব সেই বিষয়ে জ্ঞান থকা উচিত।

এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটী আই-আই-টিৰ কোৱাৰেন্টাইন চেন্টাৰত আৱৰ্জনা চাফাই কৰা কৰ্মচাৰী সকলেই নহয়, কৰ্মৰত আন বহু কৰ্মচাৰীয়েই উত্তৰ গুৱাহাটীৰ বাসিন্দা। এই কৰ্মচাৰীসকলক কোনো ধৰণৰ প্ৰশিক্ষণ দিয়া হোৱা নাই, আৱৰ্জনা নিষ্কাষণৰ উচিত ব্যৱস্থাও লোৱা হোৱা নাই, আৰু কৰ্মচাৰী সকলক প্ৰতিৰক্ষাৰ বাবে উচিত যাৱতীয় সামগ্ৰীও দিয়া হোৱা নাই। গতিকে এনে পৰিস্থিতিত উত্তৰ গুৱাহাটীবাসী ৰাইজলৈ এক ভয়ংকৰ বিপদে যিকোনো মুহুৰ্ততে দুঃখবৰ কঢ়িয়াই আনিব পাৰে। আছুতীয়া ঠাই হিচাবে আই আই টিৰ ওচৰতে ইণ্ড'ৰ ষ্টেডিয়ামখন আছে। এনে অভিযোগৰ মাজতে আজি দিনৰ ১১ বজাত গুৱাহাটী আই-আই-টি ৰ চিনেট হলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। 

কামৰূপ জিলাৰ নৱনিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উপস্থিতিত এই সভাখন অনুস্থিত হয় যদিও সভাখনত আই আই টি গুৱাহাটীৰ আৱাসী তথা উত্তৰ গুৱাহাটীৰ একাংশ লোকে কৰা আশংকাৰ প্ৰতি কোনো গুৰুত্ব দিয়া দেখা নগ'ল। সভাত উপস্থিত ৰাইজে সভাৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ বিৰুদ্ধে মাত মতাৰ পিছতো দুৰ্ভাগ্যজনক ভাৱে উত্তৰ গুৱাহাটীৰ ৰাইজৰ অভিযোগক কোনো ধৰণৰ গুৰুত্ব পাৱলৈ সক্ষম নহ'ল ।

ৰাইজে আক্ষেপ প্ৰকাশ কৰি ইয়াৰ উচিত তদন্ত হোৱাটো বিছাৰিছে। উল্লেখযোগ্য যে অতি সন্তৰ্পণে আয়োজন কৰা এই মেলত ভাগ ল'ব বিচাৰা অসমৰ সাংবাদিকক গেটৰ পৰা ঘূৰাই পঠিওৱা হ'ল ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।