দিহিং পাটকাইত অবৈধ কয়লা খনন বন্ধৰ দাবীত বাৰটাকৈ জাতীয় সংগঠনৰ স্মাৰকপত্ৰ

 05/23/2020 - 15:45

ডিজিটেল ডেস্কদিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ কোনো ঠাইতে কেন্দ্ৰীয় চৰকাৰক কয়লা খনন কৰিবলৈ দিয়া নহ'ব। অসমৰ জৈৱ বৈচিত্ৰ, বন্যপ্ৰাণী সংৰক্ষণ, মৎসকুল ৰক্ষা কৰা আদি দিশত কেতিয়াও আপোচ কৰা নহ'ব। সেয়েহে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বক্ষত কয়লাৰ খননকাৰ্য চলোৱাৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনাই ৰাজ্যখনৰ বাৰটাকৈ জাতীয় সংগঠনে আজি ই-মেইলযোগে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সংগঠনকেইটাৰ মুখপাত্ৰ ৰুবুল দাসে সংবাদমাধ্যমক জনোৱা অনুসৰি শীঘ্ৰেই দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ কয়লা খনন বন্ধৰ দাবীত সংগঠনকেইটাৰ উদ্যোগত সংগ্ৰামী জনতাৰ সহযোগত ৰাজ্যজুৰি ব্যাপক গণ আন্দোলনৰ সূচনা কৰা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।