ঈদ-উল-ফিতৰ উপলক্ষে আমছুৰ শুভেচ্ছা

 05/23/2020 - 17:28

বটদ্ৰৱা: ত্যাগ আৰু সংযমৰ মাহ হৈছে পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মৱম্বলী লোকে এমাহ ৰমজানৰ ৰোজা ৰখাৰ অন্তত আনন্দৰ উৎসৱ ঈদ -উল-ফিতৰ উদযাপন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ক্ৰমে আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন আৰু মোশ্বাৰফ হুছেইন কবিৰে স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতিত ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ -উল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে।

লগতে মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক ডাউনৰ প্ৰতিটো নিৰ্দেশনা আখৰে-আখৰে পালন কৰি ইছলাম ধৰ্মাৱলম্বী লোকে ঈদৰ নামাজ অনুষ্টুপীয়াকৈ নিজৰ ঘৰতেই আদায় কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।