এখন চাহ বাগিচাৰ শ্ৰমিকৰ দৃষ্টান্তমূলক কাৰ্য: ধাৰাষাৰ বৰষুণকো নেওচি সিদ্ধান্ত কৰা অনুসৰি বাগিচাত শ্ৰমদান শ্ৰমিকৰ

 05/25/2020 - 15:25

ডুমডুমা: লকডাউনে কি পুঁজিপতি আৰু কি সাধাৰণ শ্ৰমিক সকললৈ অভাৱনীয় ৰূপে আৰ্থিক সংকটে জুৰুলা কৰাৰ মাজতে ডুমডুমাৰ ৰূপাই চাহ বাগিচাৰ শ্ৰমিকৰ এক দৃষ্টান্তমূলক কাৰ্যয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যি সময়ত ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকে চৰকাৰ আৰু মালিক পক্ষৰ সহায়-অনুকম্পা আদিৰ প্ৰতি অপেক্ষা কৰি আছে সেই সময়ত বাগিচাখনৰ চাহ শ্ৰমিকে এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰি সকলোকে আচম্বিত কৰি তুলিলে

দেশৰ প্ৰথম লকডাউন সময়চোৱাত চাহ বাগিচা সমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল, পৰৱৰ্তী সময়ত বাগিচা সমূহ খোলিলে যদিও তেতিয়াৱৈকে বাগিচা বিলাকৰ চাহ গছসমূহ চোৱা-চিতাৰ অভাৱত প্ৰচুৰ ক্ষতিসাধন হৈছিল লগতে বাগিচা বিলাকত হাবি-বন গজি জংগলত পৰিত হৈছিল, বাগিচা খোলিলে তথাপিও বাগিচা কৰ্তৃপক্ষ তৰফৰ পৰা বাগিচা সমূহক সম্পূৰ্ণৰূপে চাফ-চিকুনতা কৰাটো সম্ভৱপৰ হোৱা নাছিল বাগিচাখনৰ এনে অৱস্থায়ে শ্ৰমিকক ব্যথিত কৰি তুলিছিল। চাহ গছক নিজ সন্তান সদৃশ লালন-পালন কৰা শ্ৰমিক বাগিচাখন আৱৰ্জনাপূৰ্ণ কেনেকৈ প্ৰত্যক্ষ কৰি মনে মনে থাকিব পাৰিব

সকলো শ্ৰমিকে মন মেলিলে দেবাৰে বাগিচা বন্ধ থাকে, গতিকে দেউবাৰে সকলো শ্ৰমিকে বাগিচাখনত শ্ৰমদান কৰিব বাগিচাখনক আগুৰিধৰা বন-জংগল কাটি-আজুৰি বাগিচাখন পূৰ্বৰদৰে মনোমোহা কৰি তুলিব। কথামতে কাম, আজি পূৱাৰে পৰা ধাৰাষাৰ বৰষুণ হোৱা স্বত্বেও বাগিচাখনৰ শ শ শ্ৰমিকে হাতে হাতে দা-কটাৰিলৈ ওলাই আহে বাগিচাত শ্ৰমদান কৰিবলৈ পূৰুষ-মহিলা সকলো শ্ৰমিকৰ এই কাৰ্য্যই বাগিচা কতৃপক্ষকো উৎফুলিত কৰি তুলিছে বিশেষকৈ চাহ উদ্যোগৰ সংকট কালত চাহ শ্ৰমিকৰ এনে মহানুভৱতাই উদ্যোগটোৰ প্ৰতি চাহ শ্ৰমিকৰ ভৰষা আৰু মৰম উজলি ঠিছে 

হাড়ভঙা শ্ৰম কৰা ৰূপাই চাহ বাগিচাৰ শ্ৰমিকে বিশ্বৰ এনে সংকটকালত এক দৃষ্টান্ত দেখুৱা বুলি সকলোৱে কব বিচাৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।