সনাতন ডেকাৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী: সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

 05/25/2020 - 15:52

ডিজিটেল ডেস্কবৰ্তমান সময়ত বিশ্বত ক'ৰনাই যি অতি মহামাৰী ৰূপত প্ৰকাশ পাইছে ফলত বহুতো খাটি খোৱা, দিন হাজিৰা কৰা মানুহৰ অৱস্থা অতি বেয়াৰ পিনে গতি কৰিছে। তেনে সময়তে হাজোৰ মনাহকুছিত এগৰাকী সনাতন ডেকা নামৰ এজন ব্যক্তিৰ হত্যাকাণ্ডই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। 

এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক, উপসভাপতি সমৰজ্যোতি ডেকা, কমল বৰ্মন আৰু সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই এক বিবৃতি যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিটো সময়ত চৰকাৰে লকডাউনৰ বাবে সৃষ্টি হোৱা পৰিবেশৰ বাবে এজনে আনজনক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ আহ্বান জনাইছে তেনে সময়তে এজন খিলঞ্জীয়া ব্যক্তিক ওচৰৰে কেইগৰাকীমান পাষণ্ড সহায় কৰাৰ সলনি মৰিয়াই মৰিয়াই হত্যা কৰিলে এইক্ষেত্ৰত সংগঠনটোৱে মৰ্মাহত হৈছে। 

অসমৰ তীৰ্থভূমি হাজোৰ যি সাতামপুৰুষীয়া ঐক্যতা, য'ত হিন্দু মুছলিমকে আদি কৰি বিভিন্ন ধৰ্মৰ লোকে অতি সম্প্ৰীতিৰে বাস কৰি আছে তাতেই কেইজনমান মানৱৰূপী দানৱে সনাতন ডেকা নামৰ পাচলি বিক্ৰী কৰা ব্যক্তিজনক নিৰ্দয়ভাৱে হত্যা কৰিলে। প্ৰত্যক্ষদৰ্শীৰ মতে সনাতন ডেকাই নিজঘৰতে পাচলি খেতি কৰি পৰিয়ালটোক এই দুৰ্যোগৰ সময়ত  পোহপাল দিয়াৰ বাবে ওচৰৰে ঠাইসমূহত বিক্ৰী কৰিৱ যাওতে পথত ফাইজুল হক নামৰ ব্যক্তিজনৰ লগত কিছু তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। পিছত ফাইজুল হকে আন কেইজনমান ব্যক্তিক ফোন কৰি মাতি আনি উপৰ্যুযপৰি প্ৰহাৰ কৰে সনাতন ডেকা নামৰ ব্যক্তিজনক। 

ফলত মুমূৰ্ষু অৱস্থাত তেওঁক মেডিকেলত এডমিট কৰা হয় যদিও পিছদিনা তেওঁ মৃত্যুক আঁকোৱালি লয় বিবৃতিটোত নেতা কেইজনে কয় যে হত্যাকাৰী যি ধৰ্মৰে নহওক কিয় অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে এই বিষয়টোক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ নিদিয়ে আৰু ৰাজনীতিকৰণ নকৰে তাৰবাবে অসম চৰকাৰক দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ উপৰি পৰিয়ালটোক বিশলাখ টকাৰ আৰ্থিক সাহায্য আৰু যিকোনো এজন ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান কৰিব লাগিব বুলি দাবী জ নাই সংগঠনটোৱে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।