কলাইগাঁৱত বানপানীয়ে মথাউৰি ভাঙি কৰিলে বিস্তৰ ক্ষতিসাধন

 05/25/2020 - 15:58

কলাইগাঁওকলাইগাঁৱত বানপানীয়ে মথাউৰি ভাঙি কৰিলে বিস্তৰ ক্ষতিসাধন। কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত নোৱা নদীৰ বাঢ়নি পানীয়ে ভাঙি পেলালে মথাউৰি। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিৰীমাৰিত এই মথাউৰি ভঙাৰ ফলত প্ৰায় ৬০ টা পৰিয়াল পানীত বুৰ যায় । যাৰ ফলত কান্দি কাতি এমাদিমা লৰা ছোৱালী লৈ নাজল নাথল অৱস্হা হৈছে এই লোক সকলৰ।

ইপিনে নোৱা নদীৰ বাঢনি পানীয়ে বুৰাই পেলায় মঙলদৈ ভূটীয়া চাং পথ। কালিৰে পৰা ৰন্ধন শালাৰ চৌকা জ্বলা নাই এই লোক সকলৰ। ভূক্তভোগী ৰাইজে মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ সঠিক তদন্তৰ লগতে চৰকাৰ তথা জনপ্ৰতিনিধী সকলক তৎকালিন সাহায্য প্ৰদান কৰিবলৈ আহবান জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।