05/26/2020 - 13:22
in

নাৰায়নপুৰ: যোৱা কেইদিনমান ৰাজ্যৰ আন অঞ্চলৰ লগতে লখিমপুৰ বিহপুৰীয়াতো দিয়া নেৰা-নেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা ডিক্ৰং নদীৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটো খহাব নোৱাৰাকৈ বিভাগে প্ৰতিৰোধৰ ব্যৱস্থা আৰম্ভ কৰে। জানিব পৰা মতে বৰ্তমান লকডাউনত বিশেষকৈ লখিমপুৰ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই অধিক গুৰুত্ব দি অহাৰ মাজতে ডিক্ৰং নদীৰ খহনীয়া বিষয়টোৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াৰ উদ্দেশ্যে বিহপুৰীয়া চিছাপথাৰৰ মাজেৰে পাৰ হৈ যোৱা ঘাই পথটোৰ টাৰনিঙনত নদীখনে খহাব বুলি কৰা সন্দেহত বান নিয়ন্ত্ৰণ বিভাগৰ জৰিয়তে আগতীয়াকৈ খহনীয়া প্ৰতিৰোধৰ বাবে বালিৰ বস্তাৰে পথটো খহনীয়াৰ পৰা বচাবলৈ যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে।
যাৰ বাবে স্থানীয় ৰাইজে বিভাগটোৰ আগতীয়া প্ৰচেষ্টাক আদৰণি জনাইছে।