আইপিএছ আবু চুফিয়ানৰ 'বিশ্বায়নৰ বিভ্ৰাট' উন্মোচন

 02/28/2019 - 17:15

গুৱাহাটীঃ দেশ আৰু জাতিৰ হকে সেৱা আগবঢ়াই যোৱাৰ সমানে সমানে সাহিত্য, সংস্কৃতিৰ পথাৰত আজিও ওতঃপ্ৰোতভাবে জড়িত হৈ আছে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া আবু চুফিয়ান। অসম-মেঘালয় কেডাৰৰ আইপিএছ আবু চুফিয়ানে একাগ্ৰতাৰে দেশৰ সেৱা কৰি যোৱাৰ সমানে সমানে লিখা-মেলা কৰি আৰক্ষীৰ নিজৰ ভাবমূৰ্তি সদায়ে উজলাই ৰাখিছে৷ সমাজ আৰু দহৰ বাবে চিন্তা কৰা আৰক্ষী বিষয়া আবু চুফিয়ানে অতি ব্যস্ততাৰ মাজতো অইন এখন প্ৰৱন্ধ লিখি উৎসাহিত কৰিছে পঢ়ুৱৈ সমাজক।

সমাজৰ প্ৰতি কৰ্তব্যপৰায়ন আৰক্ষী বিষয়াগৰাকীৰ 'বিশ্বায়নৰ বিভ্ৰাট' নামৰ প্ৰৱন্ধ সংকলনখন গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। গ্ৰন্থখনৰ উন্মোচন কৰি অজিত কুমাৰ ভূঞাই এজন আৰক্ষী বিষয়াই এনেকুৱা এখন গ্ৰন্থ লিখিবলৈ সময় উলিওৱাৰ লগতে সাহস কৰা কাৰ্য লেখত লবলগীয়া বুলি কয়। বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত বিশিষ্ট নাগৰিক হাইদৰ হুছেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। গ্ৰন্থখনৰ লিখক আবু চুফিয়ানে বিশ্বায়ন সন্দৰ্ভত তেওঁ অৰ্জন কৰা কিছু অভিজ্ঞতা গ্ৰন্থখনত দাঙি ধৰা বুলি কয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।