মাজুলীৰ ১১৫ গৰাকী লোকৰ শ্বুৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ

 05/26/2020 - 14:20

মাজুলীবহিঃৰাজ্যৰ পৰা গৃহভূমি মাজুলীলৈ উভটি আহি ইতিমধ্যে বিভিন্ন হোটেল-অতিথিশালাত প্ৰতিষ্ঠানিক কুৱাৰেণ্টিন (ইন্সটিটিউচনেল কুৱাৰেণ্টিন)ত থকা ১১৫ গৰাকী লোকক তেওঁলোকৰ শ্বুৱাব পৰীক্ষাৰ ফলাফলৰ আধাৰত ক'ভিড-১৯ 'ডিছচাৰ্জ প্ৰট'কল' অনুসৰি সোমবাৰে (২৫ মে' ২০২০) নিজ গৃহলৈ পঠিওৱা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰীক্ষাগাৰত সম্পন্ন কৰা শ্বুৱাব পৰীক্ষাত তেওঁলোক ক'ভিড-১৯ৰ সংক্ৰমণমুক্ত বুলি নিশ্চিত হোৱাৰ পাছতে আজি মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, আইএএছৰ অধ্যক্ষতাত গঠিত মাজুলী জিলা ক'ভিড-১৯ ডিছচাৰ্জ ব'ৰ্ডে নিৰ্দিষ্ট নিয়মানুসৰি এই বহিঃৰাজ্য ফেৰত লোকসকলক প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনৰ পৰা অব্যাহতিৰ প্ৰমাণপত্ৰ দি 'হোম কুৱাৰেণ্টিন'ত থাকিবলৈ নিজ নিজ ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে। ক'ভিড-১৯ নিগেটিভ বহিঃৰাজ্য ফেৰত লোকৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰট'কল অনুসৰি তেওঁলোক প্ৰত্যেককে কুৱাৰেণ্টিনৰ ১৪ দিনীয়া ম্যাদৰ অৱশিষ্ট দিনকেইটা নিজৰ ঘৰতে আছুতীয়াকৈ (হোম কুৱাৰেণ্টিন)ত থাকিবলৈ জিলা প্ৰশাসনে আদেশ জাৰি কৰিছে।

হোম কুৱাৰেণ্টিনলৈ প্ৰেৰণৰ পূৰ্বে তেওঁলোকৰ দুয়ো হাততে 'হোম কুৱাৰেণ্টিন' ষ্টাম্প মৰাৰ লগতে জিলা প্ৰশাসনৰ আদেশৰ কপিও প্ৰত্যেকৰে হাতত অৰ্পণ কৰি ঘৰত থৈ অহাৰ ব্যৱস্থা কৰা হয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।