বানৰ কৱলত পৰি সাগৰ সদৃশ হৈ পৰিছে বাক্সাৰ বহু অঞ্চল: শ শ বিঘা ইৰিধানৰ খেতি বুৰ গৈছ বাঢ়নি পানীত

 05/27/2020 - 14:41

খাৰিজা বিজনীৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কৱলত পৰিছে বাক্সাৰ বিভিন্ন অঞ্চল কেইবাদিনো ধৰি চলা নেৰানেপেৰা বৰষুণৰ ফলত বাক্সাৰ কাটাঝাৰ গাঁও, বংশীবাৰী গাঁও, আইখেৰী বিল, ছাফাকামাৰ আদিত পানীত বুৰ গৈছে শ শ বিঘা কৃষিভূমি বিভিন্ন ধৰণৰ পাচলি আৰু বৃহৎ পৰিমাণৰ ইৰিধান পানীত বুৰ যোৱাৰ লগতে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে মী পালকসকল

ৰাইজৰ অভিযোগ অনুসৰি পূৰ্বতে কৃষিভূমিৰ পৰা পানী ওলাই যোৱাৰ ব্যৱস্থা আছিল যদিও তিনিগৰাকীমান ব্যক্তিয়ে ব্যক্তিগত লাভৰ স্বাৰ্থত পুখুৰী খান্দি চাৰিওফালে বান্ধ দিয়াৰ ফলত বৰ্তমান ওলাই যাব পৰা নাই বৃহৎ পৰিমাৰ পানী

যাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলকেইটাৰ বহু কৃষক এইক্ষেত্ৰত বাক্সা জিলা প্ৰসাশনক এই দুৰ্যোগ নিবাৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।