কৃত্ৰিম বানত ডুব গ'ল উত্তৰ গুৱাহাটীৰ বহু অঞ্চল: অশ্বক্লান্ত পাহাৰত ভূমিস্খলন

 05/27/2020 - 16:05

উত্তৰ গুৱাহাটী: যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ কলজে নগৰ পূজা মণ্ডপ আৰু বজাৰৰ সন্মুখ ভাগৰ লগতে কৃত্ৰিম বানত ডুবিল বহু অঞ্চল ৷ যোৱা দুদিন ধৰি অহা বৰষুণতে বৃহত্তৰ অঞ্চলটিত পানীৰে একাকাৰ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰতো ভীষণ অসুবিধাৰ সৃষ্টি হৈছে। আম্ফান অহাৰে পৰা বৰষুণত উত্তৰ গুৱাহাটীৰ ৰহধলা, মধুপুৰ কটাহবজাৰ, ৰূদ্ৰেশ্বৰ অভয়পুৰ, কলবাৰী, এই ৰূদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ বহু অঞ্চল কৃত্ৰিম বানত হাবুদুবু খাইছে ৷ কটাহবজাৰ ৰহধলা সংযোগী পথটো আশে পাশে বাসকৰা পোন্ধৰটা পৰিয়াল বৰ্তমান পানীৰ তলত। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ চৌহদতো কৃত্ৰিম বানে ডুবাইছে। 

আনহাতেদি বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি কেইবাদিনো একেৰাহে বৰষুণৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞানী আগজাননী সত্য প্ৰমাণিত হ'লে বহু গাঁৱৰ জনতা কৃত্ৰিম বানত ডুব যোৱাটো নিশ্চিত। ইয়াৰ মূলতে ঘোৰাজানটোত হোৱা বেদখল৷ লগতে যধেমধে চলোৱা নিৰ্মাণ কাৰ্য, পৰিকল্পিত নলা নৰ্দমাৰ অভাৱ৷

উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অন্তৰ্গত মাজগাৱত দেখা গৈছে কৃত্ৰিম বান। আনহাতে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনত ৩ নং ৱাৰ্ডৰ অশ্বক্লান্ত দেৱালয় আৰু পাহাৰৰ ওপৰত থকা পানী যোগান আঁচনিলৈ যোৱা পথ এটা বছৰতে দুবাৰকৈ ভাঙিল। যোৱা ২৮, ২৯ আৰু ১ মাৰ্চত সম্পন্ন হোৱা মহাযজ্ঞত অসম ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰিছিল। সেইবাবে পথছোৱা নতুনকৈ বনোৱা হৈছিল। কিন্তু ই পুনৰ বিধস্ত ৰূপত আছে।

যোৱা নিশা বৰষুণ জাকত পথৰ এটা অংশ খহি পৰিছে ভূমিস্খলনৰ ফলত। এই পথটোৰে নিৰ্মিয়মান জাইকা প্ৰজেক্টলৈ গধুৰ বাহন সমূহ চলাচল কৰাৰ বাবে পথটো বাৰে বাৰে নষ্ট  হয়। পথ একেবাৰে নষ্ট হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে। পথটোৰে যানবাহন চলাচলৰ অনুপযোগী হ'লে উত্তৰ গুৱাহাটীৰ পানী যোগান আঁচনিত প্ৰভাৱ পৰাতো নিশ্চিত। 
ৰজাদুৱাৰ গড়ৰ সমীপত হাইটেক কোম্পানীয়ে নলাৰ কাম অসম্পূৰ্ণ কৰাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰাত কেইবা ঘৰ লোকৰ ঘৰত পানী সোমোৱাইছে। লগতে জল নিষ্কাষণ পথ নথকাৰ বাবে এই মানুহ কেইঘৰে হাৰাশাস্তিৰ সন্মূখীন হৈছে।

উত্তৰ গুৱাহাটী লঠিয়াবাগিছাতো কৃত্ৰিম বানত বহু পৰিয়ালে যন্ত্ৰণা ভূগি আহিছে বছৰ বছৰ ধৰি। গতিকে সময় থাকোতেই উত্তৰ গুৱাহাটীত সুপৰিকল্পিত নগৰ হিচাপে গঢ় দিবলৈ প্ৰথমে বৈজ্ঞানিক পদ্ধতিৰে নগৰ আৰু গ্ৰাম্যাঞ্চলৰ নলা নৰ্দমাবোৰ পুনৰ নিৰ্মাণ কৰিব লাগে ৷

গতিকে এই সমস্যা সমাধানৰ বাবে এক মাষ্টাৰ প্লেন বনাই তাৰ আধাৰত জল নিষ্কাষণ কৰিব লাগে বুলি ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।