ৰঙিয়াত দুৰ্বৃত্তৰ তাণ্ডৱ: কোৱাৰেণ্টাইনৰ পৰা অহা লোকক মাৰধৰ

 05/28/2020 - 14:40

ৰঙিয়াৰঙিয়াত দুৰ্বৃত্তৰ তাণ্ডৱ। কোৱাৰেণ্টাইনৰ পৰা অহা লোকক মাৰধৰ। আহত ষাঠি উৰ্ধ লোক। এনে জঘন্য ঘটনা ঘটিছে ৰঙিয়াৰ দহৰাত। আই আই টি গুৱাহাটীত কোৱাৰেণ্টাইনত থকাৰ পিছত ইউ পিৰ পৰা অহা ৰঙিয়াৰ পীটাম্বৰ হাট বজালীৰ দিল মহম্মদ আলীক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছিল চিকিৎসকে। সেই মৰ্মে প্ৰশাসনে নিশা ৰঙিয়াত গাড়ীৰে থৈ গৈছিল মহম্মদ আলীক। দিল মহম্মদ আলীয়ে ঘৰলৈ গৈ পুনৰ চাইকেলেৰে এৰি থৈ যোৱা বেগ দুটা ৰঙিয়াৰ হাইৱে চ'কৰ পৰা লৈ উভতি যাওতেই দহৰাত এটি দুৰ্বৃত্তৰ দলৰ সন্মুখীন হয়। দুৰ্বৃত্তৰ দলটোৱে আগচি ধৰি মাৰধৰ কৰাৰ অভিযোগ আনিছে ভুক্তভোগী লোকজনে। এই গোটেই ঘটনাটো দহৰাৰ কাশ্যপ কলিতাৰ নেতৃত্বত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। 

ৰঙিয়া হাইৱে চ'কৰ পৰা নিশা নিজ গৃহলৈ যাওতে দুৰ্বৃত্তৰ দ্বাৰা পীটাম্বৰ হাট বজালীৰ দিল মহম্মদ আলীক দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰা ঘটনাই ৰঙিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত দিল মহম্মদ আলীৰ পত্নী ৰূপজান বিবিয়ে ৰঙিয়া থানাত আক্ৰমণত জড়িত বুলি অভিযোগ কৰি দহৰাৰ কাশ্যপ কলিতাৰ ওপৰত এক এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সঠিক তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।