মানাহৰ স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ: কোকৰাঝাৰৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ হস্তান্তৰ

 05/30/2020 - 17:17

খাৰিজা বিজনীমানাহ ৰাষ্ট্ৰীয় উদ্যানত সততে সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা স্বেচ্ছাসেৱী সংগঠন মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটিয়ে কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রলৈ এটি নাহৰফুটুকী বাঘৰ পোৱালি হস্তান্তৰ কৰে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া দুই নং কোকলাবাৰী গাঁৱৰ দাব্লা বসুমতাৰী নামৰ এজন লোকে জংঘলত এটি নাহৰফুটুকী বাঘৰ পোৱালি পাই নিজ গৃহলৈ আনিছিল৷ পিছত মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে গম পাই দাব্লা বসুমতাৰীৰ ঘৰৰ পৰা নাহৰফুটুকীৰ পোৱালিটো উদ্ধাৰ কৰি আনে।

লকডাউন চলি থকা সময়তেই নাহৰফুটুকীৰ পোৱালিটো উদ্ধাৰ হৈছিল বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জে চমজি নোলোৱাত স্বেচ্ছাসেৱী সংগঠনটোৱে কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রত খবৰ দিয়ে। কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রৰ পৰা ডা: দাওহাৰী বড়োৰ নেতৃত্বত এটা উদ্ধাৰকাৰী দল আহি মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটিৰ কামাৰদৈছাস্থিত কাৰ্যালয়ত উপস্থিত হয় আৰু সংগঠনটিৰ সম্পাদক ৰুস্তম বসুমতাৰীৰ পৰা নাহৰফুটুকী পোৱালিটো চমজি লয়৷

পিছত পোৱালিটো কোকৰাঝাৰ বন্যপ্রাণী উদ্ধাৰ কেন্দ্রলৈ লৈ যোৱা হয়।স্মৰ্তব্য যে মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটিৰ সদস্য সকলে নিজৰ জিম্মাত ৰাখি নাহৰফুটুকী পোৱালিটোক গাখীৰ খুৱাই কিছু ডাঙৰ কৰি পিছলৈ দিনৰ ভাগত এটা আৰু ৰাতিৰ ভাগত এটাকৈ সৰু কুকুৰা খুৱাই পোহপাল দি ৰাখিছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।