আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰৱী আশ্ৰমৰ তৰফৰ পৰা বিনামূলীয়া চেনিটাইজ

 05/31/2020 - 15:15

 উত্তৰ গুৱাহাটী: বিশ্বৰ ক'ৰনা ভাইৰাছ মহামাৰী সংকটৰ বাবে গোটেই ভাৰতবৰ্ষত লকডাউন চলি আছে। এই লকডাউনৰ সময়ত সমাজৰ মাজত আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰম, কালিপুৰ, গুৱাহাটীয়ে নানা ধৰনৰ সামাজিক উন্নয়নমুলক কাম কৰি আহিছে, আজিও এই লকডাউনৰ সময়ত আনন্দ নিকেতন ট্ৰাষ্টৰ ফালৰ পৰা ক'ৰনাা মহামাৰী নিৰ্মুল কৰাৰ প্ৰয়াসয়েৰে গুৱাহাটী মহানগৰৰ কালিপুৰ, কামাখ্যা, জু-ৰোড, ফটাশিল আমবাৰী, সোনাপুৰ, মালয়বাৰী আদি ঠাইত চিনেটাইজ কৰা হয়

এই চিনেটাইজ কৰোতে উপস্থিত থাকে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প মনোজ কলিতা, ট্ৰাষ্টৰ কাৰ্য্যকৰী সদস্য ডক্টৰ পৱন তিৱাৰী, ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ লগতে বহুতো কাৰ্য্যকৰ্তা। উক্ত চিনেটাইজাৰ কৰা ঘৰৰ লোকসকলক ক'ৰনা ভাইৰাছ মহামাৰীৰ পৰা কেনেকৈ থাকিব লাগে ইয়াৰ বিষয়ে ধুনীয়াকৈ আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাই বুজাই দিয়ে আৰু লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।