ঘোগৰাপাৰ আৰক্ষীৰ জালত দুই ভাং ব্যৱসায়ী মহিলা

 06/01/2020 - 13:43

ৰঙিয়া: ৰঙাৰংৰ এখন স্কুটিৰে দুগৰাকী মহিলাই বৃহৎ পৰিমানৰ ভাং ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নলবাৰী অভিমুখে নি থকা অবস্থাত ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সম্পৰ্কে জানিব পৰা মতে মাজবাটৰ পৰা দুগৰাকী জনজাতীয় মহিলাই নম্বৰ প্লেট বিহীন ৰঙা স্কুটি এখনৰে ক'লা ৰংৰ বেগ এটা লৈ ৩১ নং ৰাষ্ট্ৰীয় পথৰে গৈ নলবাৰী অভিমুখে গৈ আছিল। যুৱতী দুগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত পিছফালৰ পৰা দুজন চাইকেল আৰোহীক খুন্দা মাৰি স্কুটিৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাটোৰ ফলত কিছু পৰিমানে মহিলা দুগৰাকী আহত হয় যদিও মহিলা দুগৰাকী ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰে। যুবক দুজনে পলাবলৈ নিদি নোনাপাৰৰ কিছু আঁতৰত থকা ঘোগৰাপাৰ আৰক্ষীৰ তালাচী চকীত গতাই দিয়ে।

আৰক্ষীয়ে মহিলা দুগৰাকীক সোধপোচ কৰাত কিছু সন্দেহ হোৱাত মহিলা দুগৰাকীৰ লগত থকা বেটো খুলি চোৱাত দহ কেজিৰো অধিক ভাং উদ্ধাৰ হয়। লগে লগে আৰক্ষীয়ে মহিলা দুগৰাকীক ঘোগৰাপাৰ থানালৈ নি সোধ পোচ আৰম্ভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।