বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মইনবৰীত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথত শ্লুইছ গেট নিৰ্মাণত ব্যাপক দুৰ্নীতি

 06/01/2020 - 14:01

কলগাছিয়া: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মইনবৰীত গড়কাপ্তানী গ্ৰাম্য পথ বিভাগ বৰপেটা মণ্ডলৰ অন্তৰ্গত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2017-18 বৰ্ষৰ পশ্চিম মইনবৰী তাৰাকান্দি পথত শ্লুইছ গেট নিৰ্মাণৰ বাবে প্ৰায় ৭৩ লাখ টকা চৰকাৰে আবন্টন দিয়ে। যোৱা ২০১৯ ইং অক্টোবৰৰ মাহৰ ৩১ তাৰিখে উক্ত কামৰ উদ্ধোধ কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে কিন্তু আজিলৈকে উক্ত শ্লুইছ গেটৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। অতি লেহেমীয়া আৰু নিম্নমানৰ চিমেণ্ট, বালি মচলাৰে কাম কৰা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। উক্ত কামৰ ঠিকাদাৰ জন হ'ল নয়ন জ্যোতি তালুকদাৰ। স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ ছত্ৰছায়াত ঠিকাদাৰজনে দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

ইফালে মানাহ নদীৰ পানী যিকোনো সময়ত উক্ত ড্ৰেইন সদৃশ শ্লুইছ গেটৰ মাজেৰে সোমাই নাইবা ইয়াৰ দুয়োফালে ভাঙি হাজাৰ হাজাৰ বিঘা কৃষি ফচল তথা কৃষি ভূমি ক্ষতি কৰিব পাৰে। এই বানাক্ৰান্ত অঞ্চলটোত শ্লুইছ গেটৰ নামত কালবাৰ্ট নিৰ্মাণ কৰি ঠিকাদাৰ জন ক্ষান্ত থকাটো এক সন্দেহজনক আৰু ইয়াৰ আৰত কমিচনৰাজ চলা বুলি স্থানীয় ৰাইজে দাবী কৰে। আজি স্থানীয় ৰাইজে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ ঠিকাদাৰ আৰু বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰে।

ৰাইজৰ অভিযোগ মতে বিধায়ক শ্বেৰমান আলী আহমেদে সমষ্টিৰ যিকোনো কামৰ উদ্ধোধনী ফলকত আবন্টিত পুজি উল্লেখ নকৰাটো এটা সন্দেহজনক। স্থানীয় ৰাইজে এই শ্লুইছ গেটৰ কামৰ দুৰ্নীতিৰ উচিত তদন্ত কৰি, অতি সোনকালে শ্লুইছ গেটটো সম্পূৰ্ণ কাৰ্যক্ষম কৃষিভূমি আৰু কৃষি ফচলৰ ক্ষতি সাধনৰ পৰা ৰক্ষা কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰীক অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।