"চতিয়া সমষ্টিৰ কণ্যকা কৃষি পামৰ লেখিয়াকৈ নগাঁৱতো আমি কৃষি পাম স্থাপন কৰিম": ৰূপক শৰ্মা

 06/01/2020 - 14:30

জামুগুৰিহাট: চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোত যি কৃষি বিপ্লৱ সুচনা কৰিছে সেইয়া ৰাজ্যৰ নিবনুৱা সকলৰ বাৱে সুখৱৰ৷ দুহেজাৰ বিঘা মাটিৰে আৱৰা কণ্যকা কৃষি পামত গঢ়লৈ উঠা মীন উৎপাদন, দুগ্ধ উৎপাদন, গৰু, ছাগলী, কুকুৰা গাহৰী পালনৰ লগতে জৈৱিক পদ্ধতিত কৰা খেতি পৰিদৰ্শন কৰি আমি অবিভূত হৈ পৰিছো'-- এই মন্তৱ্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ ৷ দেওবাৰে নগাঁৱৰ বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে চতিয়া সমষ্টিৰ কণ্যকা কৃষি পামৰ লগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা, বস্ত্ৰ উদ্যোগ, তেলৰ উদ্যোগ, পশু খাদ্যৰ লগতে বিভিন্ন ক্ষুদ্ৰ উদ্যোগ ৷

বিধায়ক গৰাকীৰ উদ্দেশ্য কণ্যকা কৃষি পামৰ লেখিয়াকৈ নগাঁৱত এখন বিশাল কৃষিপাম স্থাপন কৰা আৰু নিবনুৱাক জড়িত কৰা৷ কণ্যকা কৃষি পামৰ লগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গঢ়লৈ উঠা কৃষি পাম সমুহ পৰিদৰ্শন কৰি ৰূপক শৰ্মাই কয় চতিয়া সমষ্টিত পদ্ম হাজৰিকাৰ নেতৃত্বত অৰ্থনৈতিক বিপ্লৱ সৃষ্টি হৈছে ৷ এই বিপ্লৱ ৰাজ্যখনৰ চুকে কোণে সিঁচৰিত হৈ পৰক ৷ বিধায়ক পদ্মই নিবনুৱা সংস্থাপনৰ যি সপোন পুহি ৰাখিছে সেইয়া সাৰ্থক হওক বুলি মন্তৱ্য কৰে ৰূপক শৰ্মাই ৷

ইফালে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সাংৱাদিকৰে হোৱা কথা বাৰ্ত্তাত কয় সমষ্টিটোৰ চাৰিশটা কৃষি গোটত চাৰিহেজাৰ নিবনুৱা জড়িত হৈ পৰিছে ৷ সমষ্টিটোৰ ১৯ টা পঞ্চায়তত বিভিন্ন কৃষি পামৰ লগতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বীতাৰ পথ প্ৰসস্ত কৰিছে ৷ অহা এটা বছৰৰ ভিতৰত শোণিতপুৰ জিলাখনৰ লগতে নিকতবৰ্ত্তী বিশ্বনাথ জিলাৰ মাছ, মাংস আৰু গাখীৰৰ বজাৰখন সম্পূৰ্ণৰূপে চতিয়াৰ নিবনুৱাই দখল কৰিব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্মই ৷

মূখ্যমন্ত্ৰীয়ে নিবনুৱা সংস্থাপনৰ উদ্দেশ্যৰে পাইলট প্ৰজেক্ট হিচাপেও বাচনি কৰে চতিয়া সমষ্টিক৷ মূখ্যমন্ত্ৰীৰ সপোন মোৰ সমষ্টিৰ নিবনুৱাই পূৰণ কৰিব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্মই ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।