ধুবুৰীটো কংগ্ৰেছৰ বিজেপিৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ

 06/01/2020 - 15:58

ধুবুৰী: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীসকলে চৰকাৰী সাহায্য আঁচনিত সংঘটিত ভয়াবহ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ তুলি ব্লকে ব্লকে স্মাৰক পত্ৰ প্ৰদান কৰে৷ একেদৰে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰূপসী উন্নয় খণ্ডৰ অধীনৰ প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা মণ্ডল আৰু বুথ পৰ্যায়ৰ কৰ্মীসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আবুল মিঞাৰ নেতৃত্বত স্মাৰকপত্ৰ প্ৰেৰ কৰা দেখা গ'ল৷

স্মাৰক পত্ৰখনত চৰকাৰী আঁচনিত সংঘটিত দুৰ্নীতিৰ কেইবাটাও চৰ্তসাপেক্ষে তদন্তৰ দাবী উত্থাপন কৰে৷ এওঁলোকৰ দাবী- কৃষক সন্মাননীধি আঁচনিত দৰিদ্ৰৰ পৰিবৰ্তে চৰকাৰী চাকৰিয়ালৰ নাম সন্নিবিষ্ট কৰা হৈছে৷
বিপিএলৰ হিতাধিকাৰীৰ সমপৰ্যায়ৰ দৰিদ্ৰক প্ৰাপ্য সাহায্য আদায় নিদিয়াকৈ অনুপযুক্ত ধনীক শ্ৰেণীক সাহায্য প্ৰদান৷ এহেজাৰ টকাৰ আঁচনি ৰূপায়নত ব্যাপক খিলিমেলি, বহিঃৰাজ্যত থকা বিশলাখ শ্ৰমিকক ৭৫০০টকাকৈ সাহায্য দিব লাগে আদি কেইবাটাও চৰ্তসাপেক্ষে দাবী উত্থাপন কৰি ৰূপসী খণ্ড উন্নয়ণ বিষয়াৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে৷ তেওঁলোকৰ দাবী মানি নললে পৰৱৰ্তী ভয়াবহ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।