ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয় পৰ্যাবেক্ষন মন্ত্ৰী ভবেশ কলিতাৰ

 06/02/2020 - 14:00

ৰঙিয়া: কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিদ্যালয় সমুত বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ লগে লগে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই আজি ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন পৰ্য্যাবেক্ষন কৰাৰ বাবে বিদ্যালয় খনত উপস্থিতহৈ বিদ্যালয় খনৰ পৰিবেশৰ ওপৰত বুজ লয় ।

বিদ্যালয়ৰ অধ্যক্ষ পুৰুষোত্তম সিনহাৰ নিমন্ত্ৰণ ক্ৰমে উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে বিদ্যালয় খনৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমস্যা সমাধানৰ ৰূপৰেখা নিৰ্ধাৰণ কৰাৰ বাবে আলোচনা কৰে।

মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত আছিল গড়কাপ্তানী বিভাগৰ, মুচলপুৰ শাখাৰ, অনুভাগ অধিকাৰী, গৌৰাংগ কুমাৰ নাথ আৰু জিলা পৰিষদৰ সদস্য  লিটন কলিতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।