লাহৰিঘাটত সাংবাদিকক দুৰ্ব্যৱহাৰ: মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ নামত চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন বিদ্যালয় প্ৰধান শিক্ষকৰ

 06/02/2020 - 14:55

লাহৰীঘাট: লকডাউন চলি থকা মাজতেই একাংশ অসচেতন ব্যক্তি কাণ্ডজ্ঞানহীন কাৰ্যই আপোনাৰ চকু কপালত তুলিব। হয় এইদৃশ্য লাহৰিঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত দেৱাগুৰী মাধ্যমিক বিদ্যালয়ৰ। মধ্যাহ্ন ভোজনৰ চাউল নিবলৈ আহি সামাজিক দূৰত্বতো বাদেই এনেদৰে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলৰ হেতাওপৰা। বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা প্ৰধান শিক্ষক গৰাকীয়ে লকডাউনৰ নীতি নিৰ্দেশনাক চুৰান্ত অৱমাননা কৰি বিতৰণ কৰিছে চাউল।

তেনে সময়ত স্থানীয় কেইজনমান সাংবাদিকে সেই দৃশ্য প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাফিজ উদ্দিনে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিয়ে ক্ষান্ত নাথাকি কেমেৰাৰ সন্মুখতেই খেদি পঠিওৱাৰ চেষ্টা চলাই। ইফালে সামাজিক স্থানত চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰিছে যদিও কিন্তু বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ চাউল নিবলৈ অহা ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ কথা বাদেই বিদ্যালয়খনৰ কোনো এজন শিক্ষকে মাস্ক পৰিধান কৰা দেখা নগল।

এনে কাণ্ডজ্ঞানহীন প্ৰধান শিক্ষকৰ বিৰুদ্ধে মৰিগাঁও জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।