ধুবুৰীৰ এগৰাকী ছাত্রীৰ জীৱন সংগ্ৰামঃ পেটৰ তাড়নাত গাঁৱে-গাঁৱে বিক্ৰী কৰিছে শাক-পাচলি

 06/03/2020 - 13:46
 
 
 
 
ধুবুৰীঃ ধুবুৰীৰ ঝগৰাৰপাৰ গাঁৱৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্রী ছাৰবিনা খাতুনে পেটৰ তাড়নাত লকডাউনৰ পৰা ঘৰে-ঘৰে গৈ বিক্ৰী কৰিছে কেচা শাক-পাচলি। পিতৃয়ে কাম কৰিব নোৱাৰাত ঘৰখন আৰ্থিকভাবে জুৰোলা হৈ পৰে। উপায়ন্তৰ হৈ ছাৰবিনা খাতুনে বেলেগৰ পৰা এখন ছাইকেল আৰু এহেজাৰ টকা ধাৰ লৈ ৰদ-বৰষুণকো নেওচি বহু দুৰৰ পৰা ছাইকেল চলাই শাক-পাচলি আনি নিজেই প্ৰতিদিনে পুৱা ৫ বজাৰ পৰা গাঁৱৰ ঘৰে ঘৰে গৈ আবেলি ৪ বজালৈ শাক-পাচলি বিক্ৰী কৰি ৪ জনীয়া এটা পৰিয়ালক পোহপাল দিছে। দুৰ্ভগীয়া পৰিয়ালটো আজিলৈকে নাপালে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য। তেওঁ ধুবুৰী বিদ্যাপাৰা লৰা'ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মান শ্ৰেণীত পাঠদান কৰি আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।