জুৰীয়াৰ কোৱাৰেন্টাইন চেণ্টাৰত মাস্ক, ছেনিটাইজাৰ, গ্ল'বছকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ নুৰুল হুদাৰ

 06/03/2020 - 14:49

জুৰীয়া: জুৰীয়াৰ কদমনি টাউন হাইস্কুল কোৱাৰেন্টাইন চেণ্টাৰত উপস্থিত হৈ বিধায়ক নুৰুল হুদাই কোৱাৰেন্টাইন হৈ থকা লোক সকলক মাস্ক, ছেনিটাইজাৰ, গ্ল'বছকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে। কদমনি টাউন হাইস্কুল কোৱাৰেন্টাইন চেণ্টাৰৰ পৰা মঙ্গলবাৰে আৰু সাত গৰাকীকৈ লোকক ঘৰলৈ যাবলৈ দিয়া হয়।

নিৰ্দ্দিষ্ট দিন কোৱাৰেন্টাইন হৈ থকা আৰু ক'ভিড নিগেটিভ ওলোৱাৰ পিছত এওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।