খাৰুপেটীয়াত মাস্ক বিতৰণৰ নামত ব্যাপক দুৰ্নীতি

 06/03/2020 - 14:53
 
 
খাৰুপেটীয়াঃ খাৰুপেটীয়াত মাস্ক বিতৰণৰ নামত ব্যাপক দুৰ্নীতি৷ NRLMৰ বিভাগীয় কৰ্তৃপক্ষই আত্মসহায়ক গোটৰ জড়িয়তে যোগান ধৰিবলৈ ওলাইছিল মাস্ক। এটাকৈ মাস্কৰ বিনিময়ত বিভাগীয় কৰ্তৃপক্ষই ধাৰ্য্য কৰিছিল ২৫ টকা। এই মাস্ক বিতৰণৰ নামত দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ NRLM কাৰ্যালয়ত চলিছে ব্যৱসায়।কাৰ্যালয়খনৰ DPMয়ে আত্মসহায়ক গোটৰ CRPৰ হতোৱাই চলাইছে এই ব্যৱসায়। অভিযোগ মতে গোটৰ একাংশ সদস্যক অতি নিম্নমানৰ কাপোৰ যোগান ধৰি ৫ টকাত মাস্ক বনাবলৈ দিয়ে আত্মসহায়ক গোটৰ CRPয়ে। ৫ টকা দৰৰ অতি নিম্নমানৰ মাস্ক বিতৰণ কৰি অধিকাংশ ধন আত্মসাত কৰে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ NRLMৰ বিষয়া কৰ্মচাৰীয়ে। চৰকাৰে আবন্টন দিয়া ২৫ টকাৰ পৰিবৰ্তে চক্ৰান্ত মূলকভাৱে ৫ টকাকৈ মূল্য দিয়াত খৰ্গহস্ত হৈ পৰে গোটৰ একাংশ সদস্যাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।