মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাক্সাৰ লাবদাংগুৰী পথাৰ আৰু ওদালগুৰিত বন্যহস্তীৰ তাণ্ডৱ

 06/04/2020 - 12:35

 খাৰিজা বিজনী: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাক্সাৰ লাবদাংগুৰী পথাৰ আৰু ওদালগুৰিত বন্যহস্তীৰ তাণ্ডৱ মানাহৰ পৰা ওলাই অহা বন্যহস্তী এটাই তাণ্ডৱ চলায় গাঁওদুখনৰ কেইবাটাও পৰিয়ালৰ লগতে এটা মন্দিৰত নিশা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীটোৱে কেইবাসগৃহ আৰু সামগ্ৰীৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে কিন্তু খবৰ দিয়াৰ পিছতো বনবিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰি বনবিভাগৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে ক্ষতিগ্ৰস্ত পৰিয়ালে

উল্লেখ্য যে সময়ে সময়ে বন্যহস্তী, মেঠোন, বনগাহৰি আদি অঞ্চলটোলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে যদিও ইয়াৰ স্থায়ী সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বনবিভাগে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।