বাঘজানৰ পিড়িত গাঁওবাসীৰ বাঘজানৰ EPS তৈলখাদ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ: গেছ নিৰ্গত স্থানত আত্মজাহৰ ভাবুকি

 06/04/2020 - 16:58

ডুমডুমা: আজি নৱম দিনলৈকে অব্যাহত আছে বাঘজান "BGR-5" নম্বৰৰ তৈলখাদৰ পৰা গেছ নিৰ্গত কাৰ্য। অইল ইণ্ডিয়া কৰ্তৃপক্ষই আশ্ৰয় শিবিৰত থকা লোকসকলৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত আজি ৰাজপথলৈ ওলাই আহিল বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকসকল। আজি ১২ বজালৈকে অইল ইণ্ডিয়াক দাবী পূৰণৰ অন্তিম সময়সীমা বান্ধি দিছিল বাঘজানবাসী ৰাইজে।

বাঘজানবাসী ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত আজি আশ্ৰয় শিবিৰৰ পৰা বাঘজান EPS তৈলখাদলৈকে বৃহ প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। "অইল ইণ্ডিয়া গ' বেক্, অইলৰ CMD মুৰ্দাবাদ, অসম চৰকাৰ হায়-হায় আদি বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ প্ৰদান নকৰিলে গেছ নিৰ্গৰিত হৈ থকা তৈলখাদত আত্মজাহৰ হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে, আজি নৱম দিনলৈকে গেছ নিৰ্গত কাৰ্য বন্ধ কৰিবলৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই।

অন্যহাতে মন্ত্ৰী যোগেন মোহনে শিহুৰ লগতে মাছ-কাছ মৃত্যুৰ কাৰণ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ স্পষ্টীকৰণ প্ৰদান কৰিবলৈও দাবী জনাই প্ৰতিবাদকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।