চৰাইদেউত গেছ কোম্পানীৰ কাণ্ডজ্ঞানহীন কৰ্ম: উচ্চচাপৰ গেছ পৰিবাহী ফুটা পাইপত চাইকেলৰ টিউব বান্ধি জোৰা টাপলিৰ চেষ্টা

 06/04/2020 - 19:23

চৰাইদেউ: চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰুৱাখাটত বিগত কেইবা মাহ ধৰি মুক্তাবাৰী চাহ বাগিছা আৰু ঘোৰাজান চাহ বাগিচা লৈ যোগান ধৰা মূল গেছ পৰিবাহী পাইপ ডালেৰে প্ৰতিদিনে আহৰহ গেছ নিৰ্গমন হব ধৰিছে। স্থানীয় ৰাইজে কেইবাবাৰো অসম গেছ কোম্পানীৰ কৰ্তৃপক্ষক অবগত কৰা পাছত বিভাগীয় কৰ্তৃপক্ষই উচ্চ চাপৰ পাইপ ডালেৰে নিৰ্গত ফুটা গেছ পাইপ ডালত চাইকেলৰ টিউব বান্ধি নিজৰ দায়িত্ব সামৰে

ইফালে বিগত কিছুদিন ধৰি আওপুৰণি পাইপ ডালৰ ফুটা অংশৰ লগতে আন কেইবাটাও স্থানৰ পৰা আহহ গেছ নিৰ্গত হৈ থকাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। পথৰ কাষতে আহৰহ গেছ মুক্তভাবে ওলাই থকাত যি কোনো সময়ত অঞ্চলটোত ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।