হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব, কিন্তু থাকিব নতুন নিয়ম? জনালে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 06/05/2020 - 15:44
 
 
নিউজ ডেস্কঃ কাইলৈ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ অনলাইনৰ জৰিয়তে ঘোষণা কৰা হ’ব ফলাফল। থাকিব বহু কেইটা নতুন নিয়ম। এই বিষয়ে সবিশেষ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘৰত বহিয়েই ম’বাইলতে চাব লাগিব ফলাফল। আৰু স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক লৈ শোভাযাত্ৰা কৰাতো বাধা আৰোপ। ফলাফলৰ পিছত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈয়ো আন লোকে ভিৰ কৰিব নোৱাৰিব। আনহাতে ছাত্ৰ-ছাত্ৰী সকলে ইন্টাৰনেটৰ যোগেদি যিখন মাৰ্কশ্বিত লাভ কৰিব সেইখনৰ জৰিয়তেই নামভৰ্তি কৰিব পাৰিব। তদুপৰি পূৰ্বৰ দৰে এইবাৰো পৰীক্ষাৰ ফলাফল বিসংগতিমুক্ত ভাবে ঘোষণা কৰিবলৈ সক্ষম হ'ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।