পূৱ মঙ্গলদৈ বিভিন্ন অঞ্চলত পৰিৱেশ দিৱস পালন: ৫ শতাধিক গছ পুলি বিতৰণ সেনা জোৱানৰ

 06/05/2020 - 19:28

খাৰুপেটীয়া: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যখনৰ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দৰঙ জিলাৰ বিভিন্ন ঠাইত গছ পুলি ৰোপন কাৰ্যসূচী লোৱা হয়। এখন সেউজ আৰু প্ৰদূষনমুক্ত অসম গঢ়াৰ স্বাৰ্থত সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ ধুলা আৰক্ষী থানাৰ বেজপাৰাস্থিত সশস্ত্ৰ সীমা বল কেম্পৰ জোৱান সকলৰ লগতে খাটনিয়াপাৰা গাঁও পঞ্চায়তত পৰিৱেশ দিৱসৰ দিনা এক ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশী, সশস্ত্ৰ সীমা বল বিষয়া ড: দীপক চেত্ৰী জোৱান সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত বেজপাৰাস্থিত সশস্ত্ৰ সীমা বল জোৱান সকলৰদ্বাৰা অনুষ্ঠিত এই গছ পুলি ৰোপন কাৰ্য্যসূচী শুভাৰম্ভ কৰে মুখ্য কাৰ্যালয়ৰ সশস্ত্ৰ সীমা বলৰ ক্ষেত্ৰীয় সঞ্চালক চাঞ্চ কে সিঙে।

দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই লকডাউনৰ নীতি নিয়ম অনুসৰি জোৱান সকলে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস। জোৱান সকলে পূৱ মঙ্গলদৈ অঞ্চলৰ তিয়াঝাৰ, বালাবাৰী আৰু শ্বেৰপুৰ আদি গাঁৱপাঁচশতাধিকতকৈ অধিক গছ-পুলি ৰোপন কৰাৰ লগতে ৰাইজৰ মাজত এটাকৈ গছ পুলি বিতৰণ কৰে। পৰিৱেশৰ ভাৰসাম্যতা অটুট ৰাখিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিক একোটাকৈ গছ পুলি ৰোপন কৰিবলৈ আহ্বান জনায় সঞ্চালক জনে।

আনহাতে পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ সদস্য সচিব সত্তীশ শৰ্মা, গাঁও পঞ্চায়তৰ সমন্নয়ক ৰেজাউল কৰিম পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশী উপ সভানেত্ৰী নুৰ নেহাৰ বেগম, বালাবাৰী‌ গাঁও পঞ্চায়তৰ সভাপতি আজিজুৰ ৰহমান, গ্ৰাম ৰোজগাৰ সহায়ক মোজাম্মিল হক, গাণণিক সহায়ক আব্দুল ছেলিম, গাঁও পঞ্চায়ত সমন্বয়ক বাহাৰুল ইছলাম, সদস্য সচিৱ মতলিৱ উদ্দিন আৰু বাৰ্ড সদস্য সকলৰ সহযোগত গাঁও পঞ্চায়ত দুখনত পুলি ৰোপন ৰোপন কৰা হয়।

খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ ৰাইজৰ লগতে এছ এছ বি জোৱান সকলৰ মাজত মাস্ক বিতৰণ কৰি সভানেত্ৰী অনিতা ৰাজবংশীয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।