শিৱসাগৰৰ এডুটেক একাডেমী জুনিয়ৰ কলেজৰ দ্বিতীয় শিক্ষাবর্ষ আৰম্ভণিৰ শুভক্ষণত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে ৫০ শতাংশ ৰেহাই ঘোষণা

 06/06/2020 - 12:58

শিৱসাগৰ: শিৱসাগৰৰ এডুটেক একাডেমী জুনিয়ৰ কলেজৰ দ্বিতীয় শিক্ষাবর্ষ আৰম্ভ কৰাৰ আগমুহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে ৫০ শতাংশ ৰেহাই। বর্তমান দেশৰ পৰিস্হিতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান সমূহ বন্ধ আছে যদিও প্ৰাথমিক পৰ্য্যায়ৰ পৰা উচ্চ শিক্ষালৈকে অনলাইনত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাই থকা হৈছে। কিন্তু দীৰ্ঘদিনীয়া লকডাউন পৰিপেক্ষিতত হোৱা অচলাৱস্হা আৰু আর্থিক বিশৃংখলতা বাবে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত সৃষ্টি হৈছে যথেষ্ট সমস্যাৰ।

আর্থিক ভাৱে সুস্হিৰ নথকা হেতুকে নামভর্তি কৰাই ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নৰ দিশেলৈ আগবঢ়াই লৈ যাবলৈ এডুটেক একাডেমীৰ সকলো স্বনিৰ্ভৰশীল পৰিয়ালৰ লৈকে ৫০ শতাংশ ৰেহাই ঘোষণা কৰিছে। এই ৰেহাই প্ৰযোজ্য হ'ব বি. পি. এলৰ পাত পত্র থকা সকলো পৰিয়াল,কৃষক পৰিয়াল, অসংগঠিত শ্রেণীৰ শ্রমিক, নির্মাণ খণ্ডৰ শ্ৰমিক,ক্ষুদ্র ব্যৱসায়ী, বেচৰকাৰী পৰিবহন খণ্ডৰ শ্ৰমিক, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত ব্যক্তি, স্বাস্থ্যখণ্ডৰ অনিয়মীয়া কর্মচাৰী, স্বনিয়োজিত কর্মত জড়িত ব্যক্তি সকলৰ সন্তানসকল, শ্বহীদ পৰিয়ালৰ সন্তান, আৰু বিশেষভাৱে সক্ষম  ছাত্ৰ ছাত্ৰী ।

ইয়াৰ উপৰি মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ জলপানিৰ ও ব্যৱস্থা ৰখা হৈছে এই শিক্ষানুষ্ঠানত। এই প্রতিস্হানটোৱে edutechsivasagar. in নামৰ এটা মেইল আই ডি মুকলি কৰিছে শিক্ষাৰ্থীৰ বাবে।

উল্লেখ্য যে, যিসকল ছাত্ৰ ছাত্ৰীয়ে স্মাৰ্ট ফোন নথকাৰ বাবে অনলাইন শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত আছে সেইসকল শিক্ষণ সামগ্ৰী ( study materials) সমূহ লিখিত আকাৰে প্রতি সপ্তাহত ছাত্ৰ ছাত্ৰী সকলক যোগান ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এডুটেক একাডেমী জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰনজিৎ তামুলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।