কেৰালা আৰক্ষীয়ে গৰ্ভৱতী হাতী হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে এজনক

 06/06/2020 - 14:58
 
নিউজ ডেস্কঃ কেৰালাৰ বনমন্ত্ৰী কে ৰাজুৱে জনাইছে যে, গাভিনী হাতীক হত্যা কৰাৰ অভিযুগত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বনমন্ত্ৰীগৰাকীয়ে কোৱা মতে, গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম উলইছন। ঘটনাৰ সন্দৰ্ভত বৰ্তমানো অভিযান অব্যাহত ৰাখিছে কেৰালা আৰক্ষীয়ে। আনাৰসৰ মাজত শক্তিশালী ফটকা ভৰাই খোৱাই দিয়া হ’ল হাতীজনীক আৰু ফটকা ফুটি অসহ্য বেদনা লৈ পানীৰ মাজত তিনিদিন থিয় হৈ হৈ মৃত্যুক আঁকোৱালি লৈছিল হাতীজনীয়ে।এই অসহ্যকৰ ঘটনাক লৈ বেদনাৰ ঢল বোৱাৰ মাজতে দোষীক কঠোৰ শাস্তি বিহাৰ ঘোষণা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।