মাজুলীত পুনৰ চুৰি কাণ্ড

 06/08/2020 - 14:31
 
মাজুলীঃ মাজুলী আদি বিহিমপুৰ সত্ৰৰ আলহী ঘৰত ১৪ জনকৈ যুৱক কোৱাৰেন্টাইনত আছে। তাৰ সন্মুখত আছে শৰৎ বৰা আৰু গোপাল শইকীয়াৰ দোকান। এই গেলামালৰ দোকান দুখনৰ পৰা চোৰে তলা ভাঙি লুতিলে ৮০ হাজাৰ টকা সা-সামগ্ৰী। কিন্তু প্ৰশ্ন হয় কোৱাৰেন্টাইনত থকা ১৪ জন যুৱকৰ বাবে আৰক্ষীক দিয়া হৈছিল আৰু ভিডিপি কো ইয়াত চোৱা চিতাৰ বাবে দিয়া হৈছিল। নিৰাপত্তা ৰক্ষী থকাৰ পাছত কিয় চুৰি হ’ব পালে দোকান। নিৰপত্তা দিয়াৰ নামত ভেকোভাওনা হৈছে নেকি। ১৪ জন যুৱক যদি চেন্টাৰ টোৰ পৰা দুই এজন পলাই যায় তেতিয়া কি ভয়াবহ হ’ব ভাৱক । এনেদৰে চলিলে কোৱাইন্টাইন থকা সকলক চোৱা চিতা কৰা আৰক্ষী ৰ ব্যৱস্থা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।