হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশমস্থান দখল কৰা অলিন্দিতা কলিতাক ডিফুৰ বিভিন্ন অনুষ্ঠানৰ উষ্ম আদৰণি

 06/08/2020 - 16:11
 
 
নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰি কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনাৰ বাবে ডিফুৰ অলিন্দিতা কলিতাক দেওবাৰে ডিফুৰ কেইবাটাও অনুষ্ঠানে উষ্ম আদৰণি জনাই। উল্লেখ্য যে দেওবাৰে শিক্ষাৰ্থী গৰাকীৰ বাসগৃহত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ হৈ আঞ্চলিক সম্পাদক জয়ছিঙ টকবি, ডিফু সাহিত্য সভা, ডিফু বৰ নামঘৰ আৰু সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ বিষয় ববীয়া উপস্থিত হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্হান দখল কৰা অলিন্দিতা কলিতাক উষ্ম আদৰণি জনাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।