বৰপেটাৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ কোৱাৰেইন্টাইন চেন্টাৰত হুলস্থূলীয়া পৰিবেশ

 06/08/2020 - 18:35

পূব বৰপেটা: গা এৰা দি চলিছে জিলা প্ৰশাসন। গুৰুত্বহীন ভাবে চলিছে বৰপেটাৰ কোৱাৰেইন্টাইন চেন্টাৰ সমূহ। বৰপেটা জিলাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত থকা কোৱাৰেইন্টাইন চেন্টাৰত কোৱাৰেইন্টাইন হৈ থকা যুৱক সকলে আজি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। যুৱকসকলে নিজৰ নিজৰ কোঠাৰ পৰা ওলাই আহি গেটৰ ওচৰত এনেদৰে বহি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। কোৱাৰেইন্টাইন চেন্টাৰত ১৪ দিন থকাৰ পিছত ঘৰলৈ যাবলৈ নিদিয়াত এনেদৰে কোৱাৰেইন্টাইন হৈ থকা যুৱকসকলে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। কোৱাৰেইন্টাইন চেন্টাৰত থকা আৰক্ষীয়ে ৰোধ কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি কৰে ফলত বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাস আৰু এচ এচ বিৰ দল এটি উপস্থিত হৈ ঘটনাৰ বুজ লয। কোৱাৰেইন্টাইন চেন্টাৰ ভিতৰত কোনো সামাজিক দূৰত্ব নাই চেন্টাৰটোৰ ভিতৰত যেনিয়ে তেনিয়ে ভিৰ কৰিছে যুৱকসকলে।

dউল্লেখ্য যে কেইদিনমান পূৰ্বে এই চেন্টাৰটোৰ পৰা কেইবাজনো ক'ভিড-19ত আক্ৰান্ত যুৱক পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।