টীয়কত আশাকৰ্মীক দুব্যৱহাৰ কৰা যুৱকক গ্ৰেপ্তাৰ

 06/08/2020 - 18:45

টীয়ক: টীয়কৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ নিকুমনি হাজৰিকা নামৰ আশাকৰ্মী গৰাকীক অশ্লীল গালি গালাজ কৰাৰ লগতে অপহৰণৰ ভাবুকি দিয়া ৰাজৈৰ অনা অসমীয়া বনিয়া ৰাকেশ গুপ্তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বণিয়াজনৰ বিৰুদ্ধে আশাকৰ্মী হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো ব্যৱসায়ীজন কোৱাৰেন্টাইন হৈ থকাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল আৰক্ষীয়ে যাৰ ফলত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত যোৰহাট জিলা আশাকৰ্মী সন্থাই পৰবৰ্তী সময়ত লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু তেতিয়া লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তই অভিযুক্তজনক তেওঁৰ কোৱাৰেন্টাইন শেষ হ'লে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছিল।

সেইমৰ্মে কালি তেওঁৰ কোৱাৰেন্টাইনৰ সময় শেষ হোৱাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ৰাজৈ অঞ্চলৰ অবৈধ সুৰাৰ বেহাৰে জড়িত ৰাকেশ গুপ্তাই নগাঁৱৰ কোৱান্টাৰাইন চেন্টাৰৰ পৰা নিজৰ গাড়ীৰে আনিছিল কেইবাজন যুৱকক। ইয়াৰ পাছতে স্থানীয় আশা কৰ্মী নিকু হাজৰিকাই ব্যৱসায়ীজনক নিজ ঘৰতে কোৱান্টাৰাইন হ'বলৈ পৰামৰ্শ দিছিল। এই কথাত খৰ্গহস্ত হৈ ৰাকেশ গুপ্তাই অশ্লীল ভাষাৰে আশা কৰ্মী গৰাকীক গালি গালাজ কৰাৰ লগতে অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

অৱশ্যে ব্যৱসায়ীজনে অস্বীকাৰ কৰিছে এই সমস্ত অভিযোগ অভিযোগ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।