বালিকটিয়াৰ আনৰ মাটিত খেতি কৰা দৰিদ্ৰ কৃষকৰ পুত্ৰৰ সাফল্য: উচ্চ শিক্ষাৰ বাবে সহায় ভিক্ষা দুৰ্ভগীয়া পিতৃ-মাতৃৰ

 06/09/2020 - 14:23

বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ বলিকটিয়াৰ এজন দৰিদ্ৰ ছাত্ৰই দৰিদ্ৰতাক নেউচি সফলতাৰ ধ্বজা উৰুৱাই সকলোকে গৌৰাম্বিত কৰি তুলিছে। অতি দৰিদ্ৰ পৰিয়ালৰ এই মেধাৱী ছাত্ৰজনৰ নাম হৈছে মিছবাহ আহমেদ৷ ছাত্ৰজনৰ পিতৃ এমদাদুল ইছলামে আনৰ মাটিত খেতি কৰি কোনোমতে পৰিয়াল পোহ-পাল দি আহিছে। আৰ্থিক দৈনতাৰ বাবেই মেধাৱী ছাত্ৰজনে সৰুৰে পৰাই অতি দুখ কষ্টৰ মাজেৰে পঢ়া শুনা কৰাৰ লগতে ঘৰৰ সকলো ধৰণৰ কাম-কাজো কৰিবলগীয়া হৈছিল ৷

কিন্তু সম্পূৰ্ণ একাগ্ৰতা বলত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মিছবাহ আহমেদে। তেওঁ জ্ঞানদীপ শিশু নিকেতন, ছলপথাৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ  ইংৰাজীত ৮৮, সাধাৰণ গণিতত ৯১, বিজ্ঞানত ৯০, সমাজ বিজ্ঞানত ৯৫, অসমীয়াত ৮৬ আৰু উচ্চ গণিতত ৯৮ নম্বৰ পাই ডিষ্টিংছনসহ সৰ্ব্বমুঠ ৫৪৮ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। নিজৰ ফলাফলত সুখী অনুভৱ কৰা মিছবাহ আহমেদে বৰ্তমান উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাৰ্মভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সফল অভিযন্ত্ৰা হৈ সমাজসেৱা কৰাৰ সপোন পুহি ৰাখিছে।

ইফালে পুত্ৰৰ এনে সাফল্যত চকুলো বৈছে দৰিদ্ৰ পিতৃ-মাতৃৰ। কিয়নো ছাত্ৰজনে আগবাঢ়ি যোৱাত বৰ্তমান হেঙাৰ হৈ থিয় দিছে আৰ্থিক দৈনতা। সেয়ে পৰিয়ালটিয়ে বিচাৰিছে চৰকাৰ তথা কোনো সুহৃদ ব্যক্তিৰ সহায় আৰু সহযোগিতা। কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনক সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিলে এছ বি আইৰ একাউন্ট নং-33607085314 , IFSC CODE- SBIN0005914 ত সাহায্য আগবঢ়াবলৈ মেধাৱী ছাত্ৰজনৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে অনুৰোধ জনাইছে ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।