ক'ৰনা ভাইৰাছক লৈ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত সতৰ্কতা

 06/09/2020 - 17:51

ৰঙিয়া: বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ৰনা ভাইৰাছ মহামাৰী সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসক সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজগতা সভাত ৰঙিয়া মহকুমাৰ মহকুমা চিকিৎসা বিষয়া ডাঃ চফিকুল হ'কে উপস্থিত থাকি ক'ৰনা ভাইৰাছৰ সংক্ৰমণক সন্দৰ্ভত।বক্তব্য ৰাখি কয় যে ক'ৰণা সন্ধৰ্ভত আতংকগ্ৰস্ত নহৈ এই ক্ষেত্ৰত সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি যিকোনো ব্যক্তিৰ শৰীৰত এই ৰোগৰ নিৰ্দিষ্ট লক্ষণ দেখিলে ততাতৈয়াকৈ চিকিৎসকৰ লগত যোগাযোগ কৰি যাৱতীয় চিকিৎসা গ্ৰহণ কৰাৰ বাবে উপদেশ দিয়ে চিকিৎসক গৰাকীয়ে।

ইফালে সম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰঙিয়াৰ চিকিৎসা বিভাগ সম্পূৰ্ণ সাজু হৈ থকা বুলি উল্লেখ কৰে মহকুমা চিকিৎসা বিষয়া ডাঃ হকে। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীক চিকিৎসাৰ বাবে কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই সেয়েহে সজাগতাই আৰু সাৱধানতাই একমাত্ৰ উপায়। এই ক্ষেত্ৰত শংকিত হোৱাৰ সলনি প্ৰতিৰোধমূলক উপদেশসমূহ মানি চলিব লাগে। আনহাতে এই ভাইৰাছত আক্ৰান্ত হোৱা মানেই মৃত্যু নহয় বুলি চিকিৎসক হকে উল্লেখ কৰে।

অসামৰিক চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ লগতে উক্ত সভাখনত অংশ গ্ৰহণ কৰে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ লিপিকা বৰা, মধ্যপাণ্ডুৰী এমপিএইচচি চিকিৎসক ডাঃ ৰীতামনি কলিতা, বাৰংহাটীৰ ডাঃ অৰ্পনা দাস, ৰঙিয়া চিএইচচিৰ (ডেন্টল চাৰ্জন ) ডাঃ পাপৰি দাস, ডাঃ অশোক কলিতা, ডাঃ গৌৰাঙ্গ মেধি, ডাঃ ত্ৰৈলোক্যনাথ, ডাঃ জয়ন্ত শৰ্মা, ডাঃ হুমজ্যোতি মৰন, ৰঙিয়া মডেল হস্পিতালৰ ডাঃ তিলক কুমাৰ আৰু ৰঙিয়া বিপিএইচচিৰ ডাঃ মুন্টী ভট্টাচাৰ্য্যয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।