গৌৰীপুৰত এটি প্ৰেমৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলঃ প্ৰেমিকক বিচাৰি দুবাৰকৈ ঘৰত আহি উপস্থিত হ’ল প্ৰেমিকা কিন্তু প্ৰেমিকৰ পলায়ন

 06/10/2020 - 13:57
 
 
 
ধুবুৰীঃ গৌৰীপুৰত এটি প্ৰেমৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল৷ প্ৰেমিকক বিচাৰী দুবাৰকৈ ঘৰত আহি উপস্থিত হ’ল প্ৰেমিকা যুৱতী কিন্তু প্ৰেমিকৰ পলায়ন৷ এই ঘটনাই অঞ্চলজুৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে৷ এওঁৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ঝালোৰ আলগা গাঁৱত৷ যুৱতীগৰাকী প্ৰেমপাশত আৱদ্ধ একেখন থানাৰ অন্তৰ্গত সাতেৰ আলগা গাঁৱৰ ইমৰান আলী নামৰ যুৱকৰ সৈতে৷ প্ৰেম ভালপোৱাৰ সময় ডেৰবছৰ৷ ইমানদিন ঠিকেই আছিল দুয়োৰে সম্পৰ্ক৷ যুৱকজনে অধ্যয়ন কৰে আলমগঞ্জ ৰঙামাটি কলেজত স্নাতক পঞ্চমবৰ্ষ যুৱতীগৰাকীয়ে অধ্যয়ন কৰে গৌৰীপুৰ পি বি কলেজত স্নাতক পঞ্চমবৰ্ষত৷ দুয়োৰে সম্পৰ্ক ইমানদিন ঠিকেই আছিল৷ টেলিফোনিকবাৰ্তা, মন গলেই দুয়ো একেলগহৈ চিনেমাৰ কায়দাৰে ফটো উঠা, হাহিফূৰ্তি৷ ভবিষ্যতে দুয়ো একেলগে ঘৰ সংসাৰ কৰিম৷ কিন্তু এইগৰাকী যুৱতীৰ স্বপোন স্বপোনেই ৰ’ল বাস্তৱত পৰিণত নহ’ল৷ প্ৰেমিকা যুৱতীয়ে প্ৰেমিকক টেলিফোন কৰিয়ে থাকে৷ এদিন হঠাৎ বিয়া হোৱাৰ প্ৰস্তাৱ প্ৰেমিকাৰ৷ তেতিয়াই বিপদৰ সংকেত আহিল ধূৰন্ধৰ প্ৰেমিকৰ উপায় কি? মনে মনে প্ৰিপ্লানৰ কিবা এটা কৰিবই লাগিব উপায় নাই৷ আহা আহা তুমি মোৰ ঘৰত আহি যোৱা অভিবাৱকে দ্বিমত আছেতো পিছত কি হয় হব আৰু৷ এসপ্তাহ পূৰ্বে প্ৰেমিকৰ ঘৰত আহি উপস্থিত হল প্ৰেমিকা৷ লাগিল হুৱা-দূৱা প্ৰেমিকাৰ হাতৰ পৰা মোবাই লৈ যি নেকেট ফটো ভিডিঅ আছিল তাকে সম্পূৰ্ণ ডিলেট কৰিলে৷ যুৱতী গৰাকীৰ অভিবাৱকৰ সৈতে আলোচনাত বহি দুয়োৰে বিবাহৰ দিন তাৰিখ ঠিক কৰিলে৷ যোৱা শুকুৰবাৰে আছিল বিবাহৰ দিন৷ এনেতে দৰাপক্ষৰ খবৰ বেয়া আমাৰ ইমৰানে পলায়ন কৰিছে কলৈ গল ৰব বিচাৰি আছো৷ শুকুৰবাৰেও নাই শনিবাৰেও নাই ইমৰানৰ খা-খবৰ৷ ইপিনে পিছে এওঁ কম নহয়৷ যুৱতী গৰাকীয়ে সেই প্ৰেমৰ ফটো ভিডিঅ’ যি আছে তাকে অইন এটা মোবাইলত ৰাখিছিল৷ শনিবাৰে আকৌ ইমৰানৰ সন্ধানত প্ৰেমিকা আহি উপস্থিত হল ঘৰত৷ নাই ইমৰাণৰ কোনো সন্ধানে নাই এতিয়া আকৌ অভিবাৱকৰো পলায়ন৷ যুৱতী গৰাকীক চাবৰ বাবে ভিৰ কৰিছে গঞাৰাইজ৷ এই ক্ষেত্ৰত একাংশ দেৱানীৰো ঘটনাক গাপ দিয়াৰ ষড়যন্ত্ৰৰ সন্দেহ হল৷ স্থানীয় গাঁওৰক্ষী বাহিনীয়েও ঘটনা সন্দৰ্ভত সাংবাদিকৰ কেমেৰাত মন্তব্য দিয়াৰপৰা বিৰত থাকিল৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।