হোম কোৱাৰেন্টাইনত থকা লোকক গাঁও পঞ্চায়তৰ সভাপতিৰ খাদ্য সামগ্ৰী বিতৰণ

 06/10/2020 - 19:04

বাহাৰঘাট: বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰভাগৰ ৫৩(৭)নং সানেকুছি গাঁও পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজে আজি গাঁও পঞ্চায়ত খনৰ অন্তৰ্গত তিনিটা হোম কোৱাৰেন্টাইনত থকা পৰিয়ালক কিছু খাদ্যসামগ্ৰী দি মানৱতাৰ নিদৰ্শন দাঙি ধৰে৷ উল্লেখ্য যে পঞ্চায়ত খনৰ অধীনস্থ বহিঃৰাজ্যৰ পৰা সম্প্ৰতি ঘৰলৈ উভতি আহি হোম কোৱাৰেন্টাইন হৈ থকা সানেকুছি গাঁৱৰ জয়ন্ত নমঃশূদ্ৰ, জিতু শৰ্মা আৰু উত্তৰকুছি (হীৰাপাৰা) গাঁৱৰ চামচুল আলিৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ খা-খৱৰ লোৱাৰ লগতে ফলমূলকে ধৰি কিছু পৰিমাণে খাদ্য সামগ্ৰী প্ৰদান কৰে৷

মন কৰিবলগীয়া যে তলাবন্ধৰ বিগত দিন কেইটাত সভাপতি গৰাকীয়ে দুৰ্গত ৰাইজক পৰ্য্যায় ক্ৰমে বিভিন্ন ধৰনে সহায় কৰাৰ লগতে বিহাৰৰ পৰা আহি দামোদৰধামত আৱদ্ধ হোৱা তুলাধুনা লোক সকলকো খাদ্যসামগ্ৰী দি সহায় কৰিছিল৷ আজিৰ কাৰ্য্যসূচীত পঞ্চায়ত খনৰ উপসভানেত্ৰী কল্পনা নমঃশূদ্ৰ, সদস্য যোগেন তালুকদাৰকে ধৰি কেইবাজনো লোকে অংশগ্ৰহণ কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।