ডিব্ৰুগড়ৰ দীপক বৰাই জৈৱিক কৃষি কৰ্মৰে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন

 06/11/2020 - 17:01

ডিব্ৰুগড়ঃ বহু প্ৰতিভাৰ গৰাকী এজন যুৱক। যিয়ে সাহিত্য চৰ্চাৰ সমান্তৰালকৈ ৯০ দশকতে অভিনয় জগতত ভৰি থৈ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰাৰ লগতে বৰ্তমান জৈৱিক কৃষি কৰ্মৰ দ্বাৰা নিদৰ্শন দেখুওৱাবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী মৌজাৰ অন্তৰ্গত বামুনী গাঁৱৰ বাসিন্দা নবীন বৰা আৰু স্বৰ্গীয়া অঞ্জনা বৰাৰ সুযোগ্য সন্তান। বৰ্তমান ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ স্থায়ী বাসিন্দা দীপক বৰা। তেওঁ একেধাৰে এজন সমাজকৰ্মী, কবি, ঘোষক, বিচাৰক, বেংক কৰ্মচাৰী, অভিনেতা আৰু এজন আদৰ্শ খেতিয়ক।

আন্তঃজাৰ্তিক আৰ্ট অফ লিভিংৰ সমন্বয়কৰ দায়িত্ব লৈ কাৰাগাৰত আৱদ্ধ কাৰাবন্দীসকলৰ বাবে কাম কৰি থকা দীপকে বৰ্তমান "সেউজ জীৱন" নামৰ এখন জৈৱিক কৃষি পাম ডিব্ৰুগড়ৰ নিকটৱৰ্তী বকুলত গঢ়ি তুলি কৃষি ক্ষেত্ৰখনতো নিজৰ দক্ষতা, দায়বদ্ধতাৰ নিদৰ্শন দেখুওৱাইছে। ইতিমধ্যে উক্ত ফাৰ্মখনত তেখেতৰ চিন্তাধাৰাৰে ইটা ভাটাৰ চন পৰি থকা মাটি ক্ৰয় কৰি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ জৈৱিক সাৰ প্ৰস্তুত কৰি বিভিন্ন প্ৰকাৰৰ শাক-পাচলি উৎপাদনৰ ওপৰিও মাছ পুহি নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহজন নিৱনুৱাৰ সংস্থাপন দিয়া ব্যৱস্থা কৰাৰ পৰিলক্ষিত হৈছে।

 

সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰাৰ সপোন দেখা উদ্যমী যুৱক দীপক বৰাই কয় লকডাউনৰ সময়ত নিবনুৱাই ৰাজ্যখনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। জীৱন জীৱিকাৰ তাড়নাত ৰাজ্যৰ লক্ষ-লক্ষ শিক্ষিত নিৱনুৱাই চৰকাৰী-বেচৰকাৰী কোনো খণ্ডতে সংস্থাপনৰ সুবিধা নাপাই হাহাকাৰ কৰি ফুৰিছে। একাংশই জীৱন-জীৱিকাৰ তাড়নাত উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ গৈছিল যদিও কৰোনা ভাইৰাছৰ বাবে গৃহ ৰাজ্যলৈ উভতি আহে। এইসকল নিবনুৱাই এতিয়া কৰ্মসংস্কৃতিক সম্পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰিব লাগিব। কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হব নিবিচাৰিলে ৰাজ্যৰ খনত আৰু দুগুণ বৃদ্ধি পাব নিবনুৱা সমস্যাই। এনে মন্তব্য প্ৰকাশ কৰি উদ্যমী যুৱক দীপকে বহিঃৰাজ্যৰ পৰা ঘুৰি অহা যুৱক সকলক কৰ্ম বিমূখ হৈ বহি নাথাকি কৃৰ্ষি কাৰ্যত নিজকে আত্মনিয়োগ হ'বলৈ আহ্বান জনায়।

কম মাটিতে কিদৰে কেইবাটাও খেতি সমন্বিত ৰূপত কৰি অধিক লাভবান হ'ব পাৰি তেনে উদ্দেশ্যকে সাৰোগত কৰি দীপক বৰাই ডিব্ৰুগড়ৰ বকুলত উক্ত জৈৱিক পামখন স্থাপন কৰি তাত তিনিটা প্ৰজাতিৰ অমিতা ১.ৰেড লেডি ২.ৰেড ৰয়েল আৰু ৩.চম্পা বৰ্ণসংকৰ জাতৰ অমিতা উপৰি গুটিহীন কাজিনেমু, ফেচবীন, তিয়হ, লাও, তামোল-পাণকে ধৰি অন্যান্য ৰবি আৰু খাৰিফ শাক-পাচলি উৎপাদন কৰি আদৰ্শ দেখুৱাইছে। আনহাতে বুধবাৰে "সেউজ জীৱন" নামেৰে টি ছাৰ্ট শুভাৰম্ভ কৰে অ-বিভক্ত ডিব্ৰুগড় জিলাৰ গৃহৰক্ষী বাহিনীৰ অধিনায়ক কুলধৰ কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।