আৰ্থিক দৈন্যতাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন লাহোৱালৰ এজন মেধাৱী ছাত্ৰৰ

 06/11/2020 - 17:06

ডিব্ৰুগড়ঃ বুকুত এসাগৰ আশা, চকুত অযুত সপোন আৰু মনোবল যদি দৃঢ় হয় কোনো প্ৰতিবন্ধকতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিব নোৱাৰে তাকেই যেন পুনৰ প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় আদৰ্শ বিদ্যালয়ৰ মেধাৱী ছাত্ৰ পৰাণ চুতীয়াই। ছাত্র গৰাকীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৯.৯৩ শতাংশ নম্বৰ লাভেৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল পাত্ৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে। দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ জনৰ সফলতাত উৎফুল্লিত হৈছে লাহোৱাল পাত্ৰ গাঁওবাসী। 

উল্লেখ্য যে ছাত্ৰ গৰাকীৰ পিতৃয়ে সৰু এখন গেলা মালৰ দোকান দি পৰিয়ালটিক পোহ-পাল দি আহিছে। তাতে মেধাৱী ছাত্ৰ জনৰ পিতৃ শাৰীৰিকভাৱে অক্ষম। দৰিদ্ৰতাই কোঙা কৰা মেধাৱী ছাত্র গৰাকীৰ বিজ্ঞান শাখাত অধ্যয়নৰ মন আছে যদিও আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে। মেধাৱী ছাত্ৰ জনে ভৱিষ্যতে এজন ভাল চিকিৎসক বা অভিযন্তা হৈ ৰাইজক সেৱা কৰাৰ সপোন আছে বুলি আশা প্ৰকাশ কৰিছে।

আপোনাৰ ক্ষুদ্ৰতম সহায়ে হয়তো মেধাৱী ছাত্ৰ গৰাকীৰ অনাগত ভৱিষ্যত উজ্বলাই তুলিব পাৰে। আনহাতে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই মেধাৱী ছাত্ৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।