কলগাছিয়া নিৰ্মানৰ অন্যতম খনিকৰ কদ্দুছ দেৱানি মেমৰিয়েল ন্যাস গঠন

 06/11/2020 - 17:46

কলগাছিয়া: আজি কলগাছিয়াত কলগাছিয়া গঠনৰ অন্যতম খনিকৰ কদ্দুছ দেৱানিৰ নামত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম,মোজ্জমেইল হুছেইনৰ অধ্যক্ষতাত কদ্দুছ দেৱানি মেমৰিয়েল ন্যাস গঠন কৰা হয় । বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত মূখ্য কাৰ্য্যবাহী বিষয়া আব্দুল কৰিমক সভাপতি আৰু কে কে পাঠক হাই স্কুল, কলগাছিয়া প্ৰক্তন সহকাৰী প্ৰধান শিক্ষক শ্বেখ আব্দুল মজিদক সম্পাদক হিচাপে লৈ এখনি কমিটি গঠণ কৰা হয়।

ন্যাস সম্পৰ্কে জানিব বিচৰাত ন্যাসৰ সভাপতি আব্দুল কৰিমে কয় যে ন্যাসৰ মূল উদ্দেশ্য হৈছে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা প্ৰথম পদক্ষেপ হিচাপে এই বেলি জনীয়া সমষ্টিৰ উচ্চতৰ মাধ্যমিক পৰিক্ষাত ৮০% নম্বৰ পৰত পোৱা ২০ জন দুখীয়া ছাত্ৰ-ছাত্ৰীক ১০০০০(দহ) হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।