কামপুৰ পশ্চিম কাৰ্বি আংলং সংযোগী পথে জ্বলা-কলা খোৱাইছে ৰাইজক

 06/12/2020 - 13:08

 

কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত কামপুৰৰ পৰা পশ্চিম কাৰ্বি আংলং সংযোগী পঁচিছ কিলোমিটাৰ দৈৰ্ঘৰ গৰকাপ্তানী পথটোৰ দুৰাৱস্থাই জ্বলা কলা খোৱাইছে স্থানীয় ৰাইজক। পূৰ্বপৰা অতিকে জৰাজীৰ্ন পথটো এইবাৰ বানপানীত ডুব গল। বহু ঠাইত চিঙি নিলে পথটো। বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱাত যাতায়তৰ সমস্যাত ভুগিছে কপিলী পৰীয়া ৰাইজে। বানপানী শুকুৱাৰ প্ৰায় ২০ দিন পাৰ হোৱা পিছতো পথটো মেৰামতিৰ কোনো ব্যৱস্থা হাতত লোৱা নাই গড়কাপ্তানী বিভাগে। জনপ্ৰতিনিধিয়ে খা-খবৰ নোলোৱাৰ অভিযোগ সাধাৰণ জনতাৰ। ৰাইজৰ দাবী কামপুৰৰ পৰা পশ্চিম কাৰ্বি লৈ যোৱা পথটো মেৰামতি ব্যৱস্থা অনাতিপলমে কৰিব লাগে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।